২২ নৱেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। এই টেষ্ট শৃংখলাটোৰ প্ৰথমখন মেচ পাৰ্থত অনুষ্ঠিত হ’ব, যাৰ বাবে ক্ৰিকেট অষ্ট্ৰেলিয়াই ১৩ জনীয়া দল ঘোষণা কৰিছে।
শৃংখলাটোৰ বাবে অষ্ট্ৰেলিয়াই মাত্ৰ প্ৰথম টেষ্টখনৰ বাবেহে দলটো ঘোষণা কৰিছে, য’ত টিম ইণ্ডিয়াৰ বাবে এটা ডাঙৰ চমক অন্তৰ্ভুক্ত কৰা হৈছে।
দৰাচলতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ পূৰ্বে ইণ্ডিয়া-এ আৰু অষ্ট্ৰেলিয়া-এৰ মাজত অনুষ্ঠিত হৈছিল দুখন আনঅফিচিয়েল টেষ্ট মেচ। এই শৃংখলাত অষ্ট্ৰেলিয়া-এ’ দলে ইণ্ডিয়া-এ’ দলক ২-০ ব্যৱধানত পৰাস্ত কৰে।
এই শৃংখলাত অষ্ট্ৰেলিয়া এ’ দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা অপেনাৰ নাথান মেকছুইনীয়ে পাৰ্থত অনুষ্ঠিত হ’বলগীয়া ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ বাবে দলত স্থান কৰিছে।
এইটো মেকছুইনীৰ বাবে উপহাৰ আৰু টিম ইণ্ডিয়াৰ বাবে এক চমক।
ইণ্ডিয়া এ’ৰ বিৰুদ্ধে খেলা এই শৃংখলাৰ দুখন আনঅফিচিয়েল টেষ্টৰ চাৰিটা ইনিংছত ১৬৬ ৰান সংগ্ৰহ কৰে নাথান মেকছুইনীয়ে। ডেভিদ ৱাৰ্নাৰৰ ঠাইত নাথান মেকছুইনীক ইনিংছ মুকলি কৰাৰ দায়িত্ব দিয়া হ’ব পাৰে।
উল্লেখ্য যে, ৱাৰ্নাৰৰ অৱসৰৰ পিছত এতিয়ালৈকে অষ্ট্ৰেলিয়াই কোনো স্থায়ী অ’পেনাৰ বিচাৰি উলিয়াব পৰা নাই।
প্ৰথম টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দল
পেট কামিন্স (অধিনায়ক), স্কট ব’লেণ্ড, এলেক্স কেৰী, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, উছমান খোৱাজা, মাৰ্নাছ লাবুশ্বেন, নাথান লায়ন, মিচ মাৰ্ছ, নাথান মেকছুইনী, ষ্টিভ স্মিথ, মিচেল ষ্টাৰক।