বৰ্তমান সময়ত আমাৰ সকলোৰে টোপনিৰ সময় কমি গৈছে। পিছে ই ইচ্ছাকৃতভাৱে নহয়, কামৰ হেঁচাৰ বাবেহে কম টোপনি হয়। কাৰণ যিয়েই নহওক কিয়, নিৰ্দিষ্ট ঘণ্টাৰ তুলনাত কম টোপনি যোৱাৰ ফলত শৰীৰৰ বহু পৰিৱৰ্তন ঘটে যিয়ে বহু ৰোগৰ সৃষ্টি কৰে।
সুস্থ হৈ থাকিবলৈ টোপনি অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱত শৰীৰত বহুতো ৰোগ হ’ব পাৰে। টোপনিয়ে আমাক প্ৰতিদিনে কামৰ বাবে নতুন শক্তি প্ৰদান কৰে, যাৰ সহায়ত আমি দৈনন্দিন কাম-কাজ সম্পন্ন কৰো।
শুই থকাৰ সময়ত আমাৰ শৰীৰত বহুতো হৰম’ন নিৰ্গত হয়, যিটো আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলৰ মতে সুস্থ হৈ থাকিবলৈ দৈনিক ৭ৰ পৰা ৮ ঘণ্টা টোপনি অহাটো প্ৰয়োজনীয়। যদি ইয়াতকৈ কম টোপনি হয়, তেন্তে শৰীৰত বহুতো নেতিবাচক প্ৰভাৱ দেখা যায়।
এক গৱেষণাৰ মতে, ২০ বছৰৰ তলৰ শিশুৱে প্ৰতি নিশা মাত্ৰ ৫ ঘণ্টাহে টোপনি যায়, যিটো আমাৰ স্বাস্থ্যৰ বাবে অতি বিপদজনক। আধুনিক জীৱনশৈলীৰ বাবে আমাৰ টোপনিৰ সময় কমি আহিছে যাৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। সেইবাবেই টোপনিৰ অভাৱৰ বাবে মানুহে উচ্চ ৰক্তচাপ, মেদবহুলতা, ডায়েবেটিছ, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাকে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে।
ৰাতি কম টোপনিয়ে কেৱল শাৰীৰিক সমস্যাই নহয়, বহুতো মানসিক সমস্যাৰো সৃষ্টি কৰিছে। কাৰণ টোপনিয়ে আমাৰ শৰীৰৰ লগতে আমাৰ মনৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলে কয় যে, টোপনিৰ অভাৱৰ বাবে উচ্চ কেলৰিযুক্ত খাদ্য খোৱাৰ পিছত আমি কম পূৰ্ণতা অনুভৱ কৰোঁ।
ইয়াৰ বাবে ট্ৰাইগ্লিচাৰাইড সমৃদ্ধ লাইপোপ্ৰটিন বৃদ্ধি পাবলৈ আৰম্ভ কৰে। যাৰ ফলত শৰীৰৰ ধমনীত বিপদজনক চৰ্বিযুক্ত প্লেক সৃষ্টি হয়। যাৰ বাবে হাৰ্ট এটেক, হাৰ্টৰ লগত জড়িত ৰোগ আৰু ষ্ট্ৰোকৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।