আজি ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। ১৫খন জিলাৰ ৪৩খন আসনৰ বাবে চলি থকা ভোটদানৰ মূল প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপি আৰু কংগ্ৰেছ-জেএমএম মিত্ৰজোঁটৰ মাজত।
ইফালে ভোটগ্ৰহণৰ মাজতে ঝাৰখণ্ডত এক অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। কৰ্তব্যৰত অৱস্থাতে এজন চি আৰ পি এফ জোৱান গুলীৱিদ্ধ হৈছে। ঝাৰখণ্ডৰ লাটেহাৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এই অঘটন।
তাৎক্ষণিকভাৱে জোৱানগৰাকীক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ। বৰ্তমান জোৱানগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা ৮১ খন। ইয়াৰে ৪৪ খন অসংৰক্ষিত। ২৮ খন এছ টিৰ বাবে আৰু ৯ খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।
অহা ২০ নৱেম্বৰত ৩০খন আসনৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডত ১৫ অক্টোবৰলৈকে মুঠ ২.৬ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ১.২৯ কোটি মহিলা আৰু ১.৩১ কোটি পুৰুষ ভোটাৰ।
আনহাতে, এই নিৰ্বাচনত ১১.৮৪ লাখ যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব।