আজি ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ। বিয়লি ৫ বজাত অন্ত পৰিব ভোটগ্ৰহণ।
চামগুৰি, বিহালী, বঙাইগাঁও, চিদলীত আৰু ধলাইত চলি আছে ভোটগ্ৰহণ। ৩৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯ লাখ ১০ হাজাৰ ৬৬৫ গৰাকী ভোটাৰে। ৫ সমষ্টিত মুঠ ভোটকেন্দ্ৰ এহাজাৰ ৭৮টা। ৫ সমষ্টিত বিশেষভাৱে সক্ষম ভোটাৰ ৪ হাজাৰ ১৯৭ গৰাকী। ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ ৩ হাজাৰ ৭৮৮ গৰাকী।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি দিনৰ ১১ বজালৈ চামগুলি সমষ্টিত ৩২ শতাংশ, বিহালী সমষ্টিত ৩০ শতাংশ, বঙাইগাঁৱত ৩৩ শতাংশ, চিদলীত ৩২ শতাংশ আৰু ধলাইত ২৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে।
উল্লেখ্য যে, এই পাঁচটা সমষ্টিৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় যুঁজ দেখা গৈছে চামগুৰি আৰু বিহালী সমষ্টিত। চামগুৰি সমষ্টিত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনে কংগ্ৰেছৰ হৈ আৰু বিজেপিৰ হৈ দীপ্লুৰঞ্জন শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছে।
ইফালে বিহালীত কংগ্ৰেছৰ জয়ন্ত বৰা আৰু বিজেপিৰ দিগন্ত ঘাটোৱাৰৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।