শুকুৰবাৰে নিশা উত্তৰ প্ৰদেশৰ ঝাঁচীৰ এখন হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ১০টি নৱজাতক নিহত হোৱাৰ লগতে আন ১৬ গৰাকীয়ে জীৱন-মৃত্যুৰে যুঁজি আছে। জানিব পৰা অনুসৰি, নিশা প্ৰায় ১০.৪৫ বজাত মহাৰাণী লক্ষ্মী বাই মেডিকেল কলেজৰ নৱজাতক আই চি ইউত এই অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত নৱজাতকৰ আই চি ইউত ৫৪টি শিশু চিকিৎসাধীন হৈ আছিল। ইযাৰে ৪৪টি শিশুক জীৱন্তে উদ্ধাৰ কৰা হৈছিল। ঘটনাটোত কৰুণ মৃত্যুক আকোৱালি লোৱা ১০টি শিশুৰ ৭জনক চিনাক্ত কৰা হৈছে যদিও আন তিনিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
ইফালে এই ঘটনাৰ পিছতেই শিশুসকলৰ অভিভাৱকসকলে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। নিজ সন্তানসকলক সাক্ষাৎ কৰিব নিদিয়াৰ বাবেই ক্ষুব্ধ আত্মীয়সকলে চিকিৎসালয় চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰিছে।
ইফালে হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কেঁচুৱাকেইটাৰ পৰিচয়ক লৈ যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ বাবেহে আহত সন্তানক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল।