লেবাননৰ পৰা ছিৰিয়ালৈকে হিজবুল্লাহক শেষ কৰিবলৈ সাজু ইজৰাইল। সেয়েহে ইজৰাইলী সেনাৰ অভিযানৰ পৰিসৰ এতিয়া বহুত বৃদ্ধি পাইছে। লেবাননৰ দৰে ইজৰাইলী সেনাই ছিৰিয়াতো কেবল আতংকিত কৰাই নহয় ব্যাপক আক্ৰমণো চলাইছে।
২৪ ঘন্টাৰ ভিতৰত ইজৰাইলৰ অবিৰত আক্ৰমণত ১০০ৰো অধিক লোক নিহত হৈছে। ইজৰাইলে ৪৮ ঘন্টাৰ ভিতৰত লেবাননত ১০০০ টন বোমাৰ বৰষুণ কৰিছে। ধ্বংসাৱশেষৰ তলত পুতি থোৱা হৈছে বৃহৎ সংখ্যক লোক।
লেবাননৰ ৰাজধানী বেইৰুট আৰু ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ চলি আছে। ইজৰাইলে লেবানন আৰু ছিৰিয়াত হিজবুল্লাহৰ ঘাটি ধ্বংস কৰি আছে।
গতিকে প্ৰশ্ন উত্থাপন হয় যে, ইজৰাইলে কিয় হঠাতে দুখন দেশত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে? নেতানিয়াহু আৰু তেওঁৰ সেনাৰ লক্ষ্য কি?
নেতানিয়াহুৰ সেনাই লেবাননৰ লগতে ছিৰিয়াতো সন্ত্ৰাস অব্যাহত ৰাখিছে। ইজৰাইলৰ বায়ুসেনাই ১০০ ঘণ্টা ধৰি লেবাননত একেৰাহে বোমা বিস্ফোৰণ কৰি থকাৰ বিপৰীতে লেবাননৰ সৈতে ছিৰিয়াৰ সীমান্তত ব্যাপক বিস্ফোৰণ সংঘটিত কৰিছে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছতো ইজৰাইলৰ বোমা বিস্ফোৰণে কঁপাইছে। ইজৰাইলৰ বায়ুসেনাই প্ৰতি ২ ঘণ্টাৰ মূৰে মূৰে লেবাননৰ ৰাজধানী বেইৰুটত আক্ৰমণ চলাই আছে।
বেইৰুটৰ দহিয়াত সংঘটিত হৈছে অধিকাংশ আক্ৰমণ। ইজৰাইলী বোমা বিস্ফোৰণত দহিয়াত হিজবুল্লাহৰ তিনিমহলীয়া অট্টালিকা ভাঙি পেলাইছে। ইজৰাইলৰ আক্ৰমণত হিজবুল্লাহৰ অস্ত্ৰ গুদামো ধ্বংস হয়। আইডিএফে হিজবুল্লাহৰ কমাণ্ড চেণ্টাৰকো দহিয়াত ধ্বংসাৱশেষলৈ ৰূপান্তৰ কৰে। ইজৰাইলৰ মিছাইলে বেইৰুটৰ শ্বামা অঞ্চলত প্ৰচণ্ড ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ইজৰাইলে বেইৰুটৰ টায়নেহ অঞ্চলতো এটা অট্টালিকা শেষ কৰি পেলায়।
ইজৰাইলে দক্ষিণ লেবাননৰ টাইৰেত এটাৰ পিছত এটাকৈ চাৰিটা বিস্ফোৰণ সংঘটিত কৰি গৈছে। এই আক্ৰমণত ৩ জন লোকৰ প্ৰাণহানি হয়। লগতে আহত হয় ১২ জন লোক।
ইজৰাইলী সেনাই লেবাননৰ সৈতে ছিৰিয়াৰ সীমান্তত ব্যাপক আক্ৰমণ চলাই দলং আৰু পথ ধ্বংস কৰিছে। কেৱল এয়াই নহয়, ইজৰাইলে ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত থকা হিজবুল্লাহৰ কমাণ্ড চেণ্টাৰো ধ্বংস কৰে।