হাইপাৰছ’নিক মিছাইল নিৰ্মাণত সফল হৈছে ভাৰত। এয়া ভাৰতৰ প্ৰথম হাইপাৰছনিক মিছাইল। এই একেটা প্ৰযুক্তিয়েই আমেৰিকাই বছৰ বছৰ ধৰি লাভ কৰিবলৈ সংগ্ৰাম কৰি আহিছে। এতিয়া ভাৰতীয় ক্ষেপণাস্ত্ৰই ১৫০০ কিলোমিটাৰ পৰ্যন্ত যিকোনো ঠাইয়েই ধ্বংস কৰিবলৈ সক্ষম হ’ব।
ভাৰতে নতুন ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি চীন আৰু পাকিস্তানত আতংকৰ সৃষ্টি কৰিছে। দেওবাৰে ভাৰতে দীৰ্ঘ দূৰত্বৰ হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰে। ৰাছিয়া আৰু চীনৰ দৰে বিশ্বৰ মহাশক্তিত হাইপাৰছ’নিক মিছাইল আছে যদিও এতিয়া ভাৰতীয় বিজ্ঞানীসকলে দেশখন অস্ত্ৰৰ ক্ষেত্ৰত কিমান আত্মনিৰ্ভৰশীল আৰু আধুনিক হৈ পৰিছে সেয়া প্ৰমান কৰিছে।
ভাৰতৰ হাতত এতিয়া সেই একেবোৰ ক্ষেপণাস্ত্ৰ আছে, যাৰ বিৰুদ্ধে ইউক্ৰেইনত আমেৰিকাৰ বায়ু প্ৰতিৰক্ষা বিফল হৈছিল। চীন আৰু ৰাছিয়াই যি প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰে, সেই প্ৰযুক্তি ভাৰতে নিজাববীয়াকৈ লাভ কৰিছে। ভাৰতে এনে এটা চমক দিছে যে, চীন আৰু পাকিস্তানক বাদেই, আনকি আমেৰিকাও আচৰিত হৈছে।
হাইপাৰছ’নিক মিছাইল নিৰ্মাণত ভাৰতৰ এই প্ৰথম পৰীক্ষা সম্পূৰ্ণৰূপে সফল হয়। হাইপাৰছ’নিক শক্তি থকা দেশসমূহত ভাৰতে যোগদান কৰিছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে এই হাইপাৰছ’নিক মিছাইলৰ পৰীক্ষাৰ ভিডিঅ’ পোষ্ট কৰি ভাৰতৰ ঐতিহাসিক সফলতাৰ কথা ঘোষণা কৰে।
ভাৰতৰ বাবে এয়া আছিল এক ঐতিহাসিক মুহূৰ্ত। প্ৰথমে কাউণ্টডাউন শেষ হয় আৰু তাৰ পিছত এই ক্ষেপণাস্ত্ৰই আকাশ স্পৰ্শ কৰে। ভাৰতীয় বিজ্ঞানীসকলৰ আশা অনুসৰি এই ক্ষেপণাস্ত্ৰখনে ভাৰতৰ গৌৰৱত সংযোজন হয় এক নতুন তৰা। এয়া ভাৰতৰ প্ৰথম হাইপাৰছনিক মিছাইল। এই একেটা প্ৰযুক্তি যিটো আমেৰিকাই বছৰ বছৰ ধৰি লাভ কৰিবলৈ সংগ্ৰাম কৰি আহিছে।
কিমান শক্তিশালী এই ক্ষেপণাস্ত্ৰ?
ভাৰতীয় ক্ষেপণাস্ত্ৰই ১৫০০ কিলোমিটাৰ পৰ্যন্ত যিকোনো ঠাইয়েই ধ্বংস কৰিবলৈ সক্ষম হ’ব। এই ক্ষেপণাস্ত্ৰৰ গতিবেগ হৈছে ৭৪০০ কিলোমিটাৰ প্ৰতি ঘণ্টা। ভাৰতীয় বিজ্ঞানীসকলে প্ৰস্তুত কৰিছে এই ক্ষেপণাস্ত্ৰ। এই ক্ষেপণাস্ত্ৰই ভাৰতৰ শত্ৰুৰ চিন্তা বৃদ্ধি কৰিবলৈ গৈ আছে, কাৰণ বিশ্বৰ কোনো এয়াৰ ডিফেন্সে ইয়াক ৰোধ কৰিব নোৱাৰে। ভাৰত এতিয়া হাইপাৰছ’নিক মিছাইলেৰে ১৫০০ কিলোমিটাৰ দূৰত্বলৈকে পাৰমাণৱিক আক্ৰমণ কৰিবলৈ সক্ষম হৈছে। অনুমান কৰা হৈছে যে, চীনে পাকিস্তানক হাইপাৰছ’নিক মিছাইলও দিছে, যদিও এয়া ভাৰতৰ প্ৰাৰম্ভিক সফলতা।
হাইপাৰছ’নিক গতিৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ ক্ষমতা লাভ কৰাৰ পিছত ইয়াৰ ওপৰত অধিক গৱেষণা অব্যাহত থাকিব আৰু ভাৰতে বহুতো মাৰাত্মক ক্ষেপণাস্ত্ৰ উৎপাদন কৰিব পাৰে। হাইপাৰছনিক ক্ষেপণাস্ত্ৰক আধুনিক যুগৰ ব্ৰহ্মস্ত্ৰ বুলি কোৱা হয় আৰু বিশ্বৰ শক্তিশালী দেশৰ তালিকাত থাকিবলৈ ভাৰতত হাইপাৰছনিক মিছাইল থকাটো প্ৰয়োজনীয় আছিল।