আমেৰিকাত গ্ৰেপ্তাৰ হৈছে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল বিষ্ণোই। খবৰ অনুসৰি আনমোলক কেলিফৰ্ণিয়াত আটক কৰি ৰখা হৈছে। কাৰাবন্দী গেংষ্টাৰ লৰেন্সৰ কনিষ্ঠ ভাতৃক প্ৰত্যাৰ্পণৰ বাবে মুম্বাই আৰক্ষীয়ে আমেৰিকালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
উল্লেখ্য যে আনমোলৰ বিৰুদ্ধে ৰুজু হৈ আছে ১৮টা অপৰাধমূলক গোচৰ। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই তেওঁক গ্ৰেপ্তাৰৰ বাবে ১০ লাখ টকাৰো পুৰস্কাৰ ঘোষণা কৰিছিল।
বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত মুম্বাই আৰক্ষীয়ে আনমোলক বিচাৰি আছে। মুম্বাই আৰক্ষীৰ তদন্তত দাবী কৰা হৈছে যে আনমোলে আন এজন অভিযুক্ত সুজিত সুশীল সিঙৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু আৰ্থিক সাহায্য প্ৰদান কৰিছিল।
অভিযোগ অনুসৰি, আনমোলে স্নেপচ্যাটৰ জৰিয়তে ভাড়াতীয়া শ্বুটাৰলৈ ছিদ্দিকী আৰু তেওঁৰ পুত্ৰ জীশানৰ ছবি প্ৰেৰণ কৰিছিল। হত্যাকাণ্ডৰ এমাহ পূৰ্বে গুলীচালনাকাৰীয়ে অঞ্চলটোৰ তন্নতন্নকৈ বুজ লয়।
উল্লেখ্য যে, আন কেইবাটাও হাই-প্ৰফাইল গোচৰতো আনমোলৰ নাম জড়িত আছে। তেওঁৰ বিৰুদ্ধে পঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত সহায় কৰাৰ লগতে বলীউডৰ চেলিব্ৰিটিৰ ওপৰত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে। বলীউডৰ তাৰকা ছলমান খানৰ এপাৰ্টমেণ্টৰ বাহিৰতো গুলীচালনা কৰা কাণ্ডত তেওঁৰ নাম সাঙোৰ খাইছিল।