জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পৌৰ নিগমৰ নিয়ম কাৰ্যকৰী কৰা হয়, যাৰ অধীনত দুটাতকৈ অধিক সন্তান থকা লোকক নগৰীয়া স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়। উন্নত জনগাঁথনি ব্যৱস্থাপনাৰ বাবে ৰাজ্যত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈয়ে এনে ব্যৱস্থাগ্ৰহণ কৰা হয়।
অন্ধ্ৰ প্ৰদেশ বিধানসভাই সোমবাৰে এখন বিধেয়কত অনুমোদন জনাইছে, য’ত দুটাতকৈ অধিক সন্তান থকাসকলকো নগৰীয়া স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ দিয়াৰ ব্যৱস্থা আছে। অন্ধ্ৰ প্ৰদেশ পৌৰ নিগম আইন সংশোধনী বিধেয়ক-২০২৪ত দুজনতকৈ অধিক সন্তান থকা লোকক নগৰীয়া স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰা নিয়ম বাতিল কৰাৰ ব্যৱস্থা কৰা হৈছে।
এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি পৌৰ নিগমৰ মন্ত্ৰী পি নাৰায়ণে চাৰিদিন পূৰ্বে এই বিধেয়কখন বিধানসভাত উত্থাপন কৰে আৰু সোমবাৰে আলোচনা অবিহনে গৃহীত হয়। অন্ধ্ৰ প্ৰদেশৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ১৯৯৪ চনত পৌৰ নিগমৰ নিয়ম কাৰ্যকৰী কৰা হয়, যাৰ অধীনত দুটাতকৈ অধিক সন্তান থকা লোকক নগৰীয়া স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।
বুধবাৰে ৰাজ্য বিধানসভাত উত্থাপন কৰা দুখন বিধেয়কত পঞ্চায়ত ৰাজ আৰু পৌৰ প্ৰশাসন আইন সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছিল। এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে আইনখনৰ প্ৰাসংগিক ধাৰাসমূহ বাতিল কৰা হয়, যিয়ে দুটাতকৈ অধিক সন্তান থকা লোকসকলক স্থানীয় সংস্থাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অযোগ্য কৰি তুলিছিল।
উল্লেখ্য যে, পৌৰ প্ৰশাসন আৰু নগৰ উন্নয়ন মন্ত্ৰী পি নাৰায়নে বিধানসভাত ‘অন্ধ্ৰ প্ৰদেশ পঞ্চায়ত ৰাজ (সংশোধনী) বিধেয়ক ২০২৪’ আৰু ‘অন্ধ্ৰ প্ৰদেশ পৌৰ আইন (সংশোধনী) বিধেয়ক ২০২৪’ উত্থাপন কৰে। উন্নত জনগাঁথনি ব্যৱস্থাপনাৰ বাবে ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ পোষকতা কৰি আহিছে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে।