এক আচৰিত ঘটনাই চাৰিওফালে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। গোবৰৰ দ’মত ওলাইছে লাখ লাখ টকা। এক বা দুই লাখ নহয়, গোবৰৰ দ’মৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ২০ লাখ টকা। ইফালে ইমান বৃহৎ পৰিমানৰ টকা গোবৰৰ দ’মলৈ কেনেকৈ আহে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
এই অদ্ভূদ সংঘটিত হৈছে উৰিষ্যাৰ বালাচোৰ জিলাৰ এখন গাঁৱত। গাঁৱখনৰ এজন ব্যক্তিৰ ঘৰৰ পাছফালে গোবৰৰ দ’মত উদ্ধাৰ হৈছে এই শকত পৰিমানৰ ধন। হায়দৰাবাদ আৰু উৰিষ্যা আৰক্ষীৰ এটা দলে অভিযান চলাই বাদামান্দাৰুনি গাঁৱত গোবৰৰ দ’মত লুকুৱাই ৰখা এই ধনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
হায়দৰাবাদৰ এটা কৃষি সামগ্ৰীৰ কোম্পানীত কাম কৰা গোপাল বেহৰা নামৰ এজন লোকৰ সন্ধানত গৈ আৰক্ষীয়ে এই টকাখিনি উলিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে, গোপাল বেহৰাই কাম কৰা কোম্পানীৰ পৰাই উক্ত ধনখিনি চুৰি কৰি নি ঘৰৰ পাছফালে লুকুৱাই ৰাখিছিল।
অৱশ্যে গোবৰৰ দ’মত লাখ টকা লুকুৱাই ৰখা গোপাল আৰু তেওঁৰ ভনী-জোঁৱাই ৰবিন্দ্ৰ বেহৰাৰ এই পৰ্যন্ত কোনো সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে। ইতিমধ্যে গোপাল বেহৰাৰ পৰিয়ালৰ এগৰাকী সদস্যক আটক কৰি জেৰা চলোৱাৰ সময়ত লুকুৱাই ৰখা উক্ত টকাখিনিৰ তথ্য লাভ কৰে আৰক্ষীয়ে।