ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে অহা ৩০ নৱেম্বৰত বিচিচিআইৰ সচিব হিচাপে কাৰ্যকাল সমাপ্ত কৰিব আৰু ১ ডিচেম্বৰত আইচিচিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
ক্ৰিকেট মহলত চলা চৰ্চা অনুসৰি শ্বাহৰ বিদায়ৰ পিছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ পুত্ৰ ৰোহন জেটলীয়ে বিচিচিআইৰ পৰৱৰ্তী সচিব হিচাপে দায়িত্ব ল’ব। কিন্তু এতিয়া এই চৰ্চাৰ ওৰ পৰিছে।
বৰ্তমান দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ (ডিডিচিএ) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৰোহন জেটলীয়ে। কিন্তু তেওঁ পুনৰবাৰ দ্বিতীয় কাৰ্যকালৰ বাবে দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ অধ্যক্ষৰ বাবে মনোনয়ন দাখিল কৰিছে। অৰ্থাৎ মনোনয়ন দাখিলৰ লগে লগে এতিয়া স্পষ্ট হৈ পৰিছে যে তেওঁ বিচিচিআইৰ নতুন সচিব পদৰ দৌৰত নাই।
উল্লেখ্য যে, যোৱা কিছু মাহৰ পৰা তেওঁ বিচিচিআইৰ নতুন সচিব হ’ব পাৰে বুলি বিভিন্ন সংবাদ মাধ্যমত খবৰ ওলাইছিল। কিন্তু এতিয়া মনোনয়ন দাখিল কৰি তেওঁ নতুন বিচিচিআই সচিবক লৈ হোৱা আলোচনাৰ অন্ত পেলাইছে।
ইফালে ৰোহন জেটলীৰ উপৰি কীৰ্তি আজাদেও ডিডিচিএৰ নতুন অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিছে। ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ ফলাফল ১৬ ডিচেম্বৰত ঘোষণা কৰা হ’ব। যোৱা নির্বাচনত ৰোহন জেটলীয়ে ১৫৫৮টা ভোটত জয়লাভ কৰিছিল।
নিৰ্বাচনৰ পূৰ্বে ৰোহন জেটলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কীৰ্তি আজাদে ডিডিচিএত বহু দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল।
আনহাতে, বিচিচিআইৰ সচিব হিচাপে জয় শ্বাহৰ ঠাইত গুজৰাট ক্ৰিকেট সন্থাৰ সচিব অনিল পেটেলৰ নাম চৰ্চাত আহিছে। ৰোহন জেটলীয়ে এই পদৰ পৰা আঁতৰি অহাৰ পিছত এতিয়া অনিল পেটেলৰ নাম শীৰ্ষত।