দেশৰ সমৃদ্ধিশালী ৰাজ্য মহাৰাষ্ট্ৰত বুধবাৰে অৰ্থাৎ ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। কাইলৈ ২৮৮খন বিধানসভা আসনৰ বাবে ভোটদান কৰিব মহাৰাষ্ট্ৰৰ জনসাধাৰণে। এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট আৰু বিৰোধী মহা বিকাশ আঘাড়ি মিত্ৰজোঁটৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হ’ব।
বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলে নিজ নিজ স্থিতি শক্তিশালী কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ লগতে তেওঁলোকৰ মিত্ৰ দল শিৱসেনা (চিন্দে), এনচিপি (অজিত পাৱাৰ), শিৱসেনা (উদ্ধৱ), এনচিপি (শাৰদ) গোটেও নিজৰ ৰাজনৈতিক স্থিতি শক্তিশালী কৰাৰ চেষ্টা চলাইছিল।
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰ বিধানসভাত মুঠ ২৮৮খন আসন আছে, ইয়াৰে ২৩৪খন জেনেৰেল, ২৯খন অনুসূচিত জাতি (SC)ৰ বাবে আৰু ২৫খন অনুসূচিত জনজাতি (এছটি)ৰ বাবে সংৰক্ষিত। এই আসনসমূহৰ বাবে মুঠ ১০ হাজাৰ ৯০০ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে ৩৩০২ জনে নাম প্ৰত্যাহাৰ কৰাৰ বিপৰীতে ১৬৪৯ জনৰ মনোনয়ন বাতিল হৈছিল।
কাইলৈ এই নিৰ্বাচনত বহু কেইগৰাকী ৰথী-মহাৰথীৰ ভাগ্য ইভিএমত বন্দী হ’ব যদিও কাৰ ভাগ্য ফুলিব সেয়া ২৩ নৱেম্বৰত প্ৰকাশ পাব।
পাঁচটা সমষ্টিৰ যুঁজ হ’ব আকৰ্ষণীয়
১. ৱৰ্লি (মুম্বাই): শিৱসেনা বনাম শিৱসেনা
এই সমষ্টিটোত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে। শিৱসেনা (উদ্ধৱ)ৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক আদিত্য থাকৰেই এই আসনত পুনৰ খেলপথাৰত নামিছে, আনহাতে মিলিন্দ দেওৰাই শিৱসেনা (সিন্দে) পক্ষৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ উপৰি এই আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ সন্দীপ দেশপাণ্ডে।
২. বাৰামটিঃ পাৱাৰ পৰিয়ালৰ দুৰ্গ
বাৰামটি আসনখন পাৱাৰ পৰিয়ালৰ দুৰ্গ বুলি গণ্য কৰা হয় যদিও এইবাৰ পাৱাৰ পৰিয়ালৰ ভিতৰতেই হ’ব প্ৰতিযোগিতা। এই আসনৰ পৰা অজিত পাৱাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে শাৰদ পাৱাৰৰ নাতি যুগেন্দ্ৰ পাৱাৰে। এতিয়া জনসাধাৰণে কাক পছন্দ কৰে সেয়া হ’ব লক্ষণীয়।
৩. বান্দ্ৰা ইষ্ট (মুম্বাই)
কংগ্ৰেছ ত্যাগ কৰি অজিত পাৱাৰৰ দল এন চি পিত যোগদান কৰা বাবা ছিদ্দিকিৰ পুত্ৰ জীছান ছিদ্দিকীয়ে মুম্বাইৰ বান্দ্ৰা ইষ্টত শিৱসেনাৰ (উদ্ধৱ) বৰুণ ছৰদেছাইৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। শেহতীয়াকৈ বাবা ছিদ্দিকীক হত্যা কৰা হৈছিল, সেয়েহে জীছান ছিদ্দিকীয়ে জনসাধাৰণৰ সহানুভূতি পাব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে।
৪. নাগপুৰ দক্ষিণ পশ্চিম
নাগপুৰ দক্ষিণ পশ্চিম বিধানসভাৰ আসনৰ পৰা একেৰাহে চতুৰ্থবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনবিছে। তেওঁ কংগ্ৰেছ নেতা প্ৰফুল্ল গুদ্ধেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
৫. কোপৰি-পাচপাখাড়ী (থানে)
এই আসনত মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু তেওঁৰ ৰাজনৈতিক গুৰু প্ৰয়াত আনন্দ দিঘেৰ ভতিজা কেদাৰ দিঘেৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব।