বিষাক্ত সুৰাপান কৰাৰ ফলত ইজনৰ পিছত সিজনৰ মৃত্যু। হাস্পতালত আত্মীয়ৰ কান্দোনৰ ৰোল।
তামিলনাডুৰ কল্লাৰকুৰিচী জিলাত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যুৰ সংখ্যা ২৯জনলৈ বৃদ্ধি। আনহাতে ৬০জনতকৈও অধিক লোক জিলাখনৰ বিভিন্ন হাস্পতালত ভৰ্তি হৈ আছে। মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই ঘটনাৰ পিছতে শোকবাৰ্তা প্ৰেৰণ কৰিছে ভুক্তভোগী পৰিয়ালসমূহলৈ।
অবৈধভাবে ঘৰতে প্ৰস্তুত কৰা বিষাক্ত সুৰা ৰোধ কৰিব নোৱাৰা বিষয়া-আৰক্ষীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। সুৰা প্ৰস্তুতৰ নামত বিষাক্ত দ্ৰব্য দিয়াৰ ফলতেই মৃত্যু হৈছে ইজনৰ পিছত সিজন লোক। বিষাক্ত সুৰা প্ৰস্তুত কৰা লোকক বিচাৰি ইতিমধ্যে আৰম্ভ হৈছে অভিযান।
বিষাক্ত সুৰা প্ৰস্তুত কৰা মাষ্টাৰ মাইণ্ড কন্নুকুট্টি নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২০০ লিটাৰৰো অধিক বিষাক্ত সুৰা জব্দ কৰিছে আৰক্ষীয়ে। সুৰা পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহিছে ভয়ানক তথ্য। সুৰা প্ৰস্তুতৰ নামত মিহলোৱা হৈছিল জীৱন নাশ কৰা মিথানল। দীৰ্ঘদিন ধৰি কল্লাৰকুৰিচীত চলি আহিছিল বিষাক্ত সুৰাৰ প্ৰচলন। দেখি শুনিও নীৰৱ ভূমিকা পালন কৰিছিল জিলা কালেক্টৰে। আনহাতে আৰক্ষী অধীক্ষক সময় সিংহ মিনাক নিলম্বন কৰিছে চৰকাৰে।