ছত্তীশগড়ত সুৰক্ষাকৰ্মীয়ে লাভ কৰিছে বৃহত সফলতা। চি আৰ পি এফৰ সৈতে মিলি ডি আৰ জি জোৱানে ১০ গৰাকী মাওবাদীক নিধন কৰিবলৈ সক্ষম হয়। ঘটনাস্থলৰ পৰা নিৰাপত্তাৰক্ষীয়ে অত্যাধুনিক অস্ত্ৰ-সস্ত্ৰও উদ্ধাৰ কৰে।
জানিব পৰা অনুসৰি, আজি ৰাতিপুৱা নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ হৈছিল মাওবাদীৰ। মাওবাদীৰ দল এটাই ওড়িশাৰ পৰা ছত্তীশগড়ত প্ৰৱেশ কৰিব বুলি লাভ কৰা তথ্যৰ পিছতেই নিৰাপত্তাৰক্ষীৰ দল এটাই অঞ্চলটো ঘেৰাও কৰিছিল।
নিৰাপত্তাৰক্ষীৰ অভিযানৰ কথা জানিব পাৰি মাওবাদীয়ে প্ৰথমে গুলীবৰ্ষণ আৰম্ভ কৰে। দুয়ো পক্ষৰ মাজত চলা নিৰ্বিচাৰ গুলীচালনাৰ অন্তত ১০ জন মাওবাদী নিহত হয়। ঘটনাস্থলৰ পৰা স্বয়ংক্ৰিয় অস্ত্ৰ উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।
কোৰাজুগুড়, দন্তেছপুৰম, নাগাৰাম, ভণ্ডাৰপদৰ পাহাৰীয়া জংঘলত সংঘটিত হোৱা এই এনকাউণ্টাৰটোত কোনো নিৰাপত্তাৰক্ষী আহত হোৱা নাই।
নিৰাপত্তাৰক্ষীয়ে লাভ কৰা এই সফলতাৰ পিছতেই মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সায়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক্সযোগে সাহসী জোৱানসকলক ধন্যবাদ জ্ঞাপন কৰে।