আজি ৮ বজাৰ পৰা আৰম্ভ হ’ব অসমৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা। আজি নিৰ্ণয় হ’ব এই পাঁচটা সমষ্টিত কোন হ’ব বিধায়ক। এই ভোটগণনাক লৈ সমষ্টি পাঁচটাৰ ভোটাৰৰ মাজত ব্যাপক জল্পনা কল্পনা আৰম্ভ হৈছে।
উল্লেখ্য যে, যোৱা ১৩ নৱেম্বৰত অসমৰ বঙাইগাঁও, চিডলী, বিহালী, চামগুৰি আৰু ধলাই সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। এই সমষ্টি কেইটাৰ ভিতৰত আটাইতকৈ দৃষ্টি নিৱদ্ধ হৈ থকা সমষ্টি দুটা হৈছে বিহালী আৰু চামগুৰি।
চামগুৰিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন আৰু বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব। ইফালে বিহালী সমষ্টিত বিজেপিৰ পৰা কংগ্ৰেছত যোগদান কৰা জয়ন্ত বৰা আৰু বিজেপিৰ দিগন্ত ঘাটোৱালৰ মাজত হ’ব মূল যুঁজ।
চিডলীত ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছৰ মাজত ত্ৰিকোণীয় যুঁজ হোৱাৰ সম্ভাৱনা আছে। আনহাতে বঙাইগাঁৱত অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময় চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিত সিংহৰ মাজতেই হ’ব মূল যুঁজ।
ধলাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।
অসমৰ পাঁচটা সমষ্টিৰ লগতে আজি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰো ফলাফল ঘোষণা কৰা হ’ব। বিশেষকৈ এই দুখন ৰাজ্যৰ ফলাফলক লৈ অধিক উৎকণ্ঠাৰে ৰৈ আছে সমগ্ৰ দেশবাসী।