নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ পাছতো মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰী সন্দৰ্ভত এই স্থবিৰতা অব্যাহত আছে। য’ত সিন্দে সেনাৰ সমৰ্থকসকলে নিজৰ বক্তব্যৰে মুখ্যমন্ত্ৰীৰ আসনখন একনাথ সিণ্ডেৰ ফালে টানিবলৈ চেষ্টা কৰিছে।
একে সময়তে বিজেপি সমৰ্থকে কৈছে যে এই আসনত ফাড়নবিছৰ প্ৰথম অধিকাৰ আছে। ইয়াৰ পিছতে অজিত গোটৰ সমৰ্থকসকলেও নিজৰ দাবী লৈ খেলপথাৰলৈ আহিছে।
বিশ্বাস কৰা হৈছে যে, মহাৰাষ্ট্ৰৰ নেতাসকলে বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব পাৰে আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীৰ সূত্ৰৰ সিদ্ধান্ত লোৱা হ’ব পাৰে।
সূত্ৰ অনুসৰি ৫ বছৰৰ কাৰ্যকালত তিনিওজন নেতা অৰ্থাৎ দেৱেন্দ্ৰ ফাড়নবিছ, একনাথ সিণ্ডে আৰু অজিত পাৱাৰ এজন এজনকৈ মুখ্যমন্ত্ৰী হ’ব পাৰে। সূত্ৰ হ’ব ২-২-১। অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী দুবছৰ মুখ্যমন্ত্ৰী, শিৱসেনাৰ প্ৰাৰ্থী দুবছৰ আৰু এন চি পিৰ প্ৰাৰ্থী এবছৰ।
আমোদজনক কথাটো হ’ল- এতিয়ালৈকে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱা নাই আনহাতে একনাথ সিণ্ডে আৰু অজিত পাৱাৰ নিজ নিজ দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে। আন এক গুৰুত্বপূৰ্ণ কথা হ’ল, ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল ২৬ নৱেম্বৰত শেষ হ’ব। এনে পৰিস্থিতিত মহাযুতীৰ হাতত চৰকাৰ গঠনৰ বাবে সময় আৰু বিকল্প কম।
এন চি পি অজিত ফৈদৰ নেতা তথা সাংসদ প্ৰফুল্ল পেটেলে কয় যে- তেওঁলোকে এটা দল হিচাপে কাম কৰিছে আৰু তিনিওটা দলে সমানে সফলতা লাভ কৰিছে। গতিকে কোনো বিবাদ বা মত বিৰোধৰ প্ৰশ্নই উত্থাপন নহয়।
আজি অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী একনাথ সিণ্ডেয়ে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব পাৰিব বুলিও চৰ্চা চলিছে। ইয়াৰ পিছত নতুন চৰকাৰ গঠন নোহোৱালৈকে ৰাজ্যপালৰ দ্বাৰা একনাথ সিণ্ডেক কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব। তাৰ পিছত তিনিওটা ৰাজনৈতিক দলৰ মাজত মুখ্যমন্ত্ৰী সন্দৰ্ভত আলোচনা হোৱাৰ পাছত শপত গ্ৰহণ অনুষ্ঠান হ’ব।