ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছিল বেগী বলাৰ জশপ্ৰীত বুমৰাহে। ভাৰপ্ৰাপ্ত অধিনায়ক বুমৰাহে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন মেচত অসাধাৰণ বলিং প্ৰদৰ্শন কৰিছিল। আৰু ইয়াৰেই পুৰস্কাৰ পালে বুমৰাহে।
আই চি চি টেষ্টৰ বলিং ৰেংকিঙত পুনৰবাৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈছে ভাৰতীয় তাৰকা বলাৰগৰাকী।
উল্লেখ্য যে, পাৰ্থ টেষ্টত বিধ্বংসী বলিং প্ৰদৰ্শন আগবঢ়োৱা বুমৰাহে ৮টা উইকেট দখল কৰি ভাৰতৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। মেচখনৰ শ্ৰেষ্ট খেলুৱৈৰ সন্মানো লাভ কৰিছিল বুমৰাহে।
আই চি চি টেষ্ট বলিং ৰেংকিঙৰ শীৰ্ষ ক্ৰমত বুমৰাহ অধিষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডা। তৃতীয় স্থানত আছে অষ্ট্ৰিয়াৰ জছ হেজলউড।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰে ফেব্ৰুৱাৰি মাহত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ সময়ত শীৰ্ষ স্থানত উপনীত হৈছিল।
ইফালে, ভাৰতৰ অপেনিং বেটাৰ যশস্বী জয়ছৱালেও দ্বিতীয় স্থানলৈ উন্নীত হয়। জয়ছৱালে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত ১৬১ ৰানৰ দৰ্শনীয় ইনিংছ খেলাৰ পিছতে আই চি চিৰ পৰা এই উপহাৰ লাভ কৰে। বৰ্তমান টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থানত আছে ইংলেণ্ডৰ বেটাৰ জ’ ৰুট।
আনহাতে পাৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰা বিৰাট কোহলী সম্প্ৰতি টেষ্ট ৰেংকিঙৰ ১৩ সংখ্যক স্থানত আছে।