মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠন সন্দৰ্ভত সৃষ্টি হোৱা উত্তেজনা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। মুখ্যমন্ত্ৰী একনাথ সিণ্ডেয়ে জন্ম গাঁও দাৰেলৈ যোৱাৰ বাবে শুকুৰবাৰে প্ৰস্তাৱিত মহাযুতীৰ বৃহৎ আৰু গুৰুত্বপূৰ্ণ বৈঠক স্থগিত ৰখা হৈছিল।শিৱসেনাৰ সূত্ৰই জনোৱা মতে, এতিয়া এই বৈঠক দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।
এই সন্দৰ্ভত শুকুৰবাৰে শিৱসেনাৰ নেতা সঞ্জয় শিৰছাটে মুখ্যমন্ত্ৰী একনাথ সিণ্ডেৰ আগন্তুক সিদ্ধান্ত সন্দৰ্ভত এক ডাঙৰ ইংগিত দিয়ে। তেওঁ কয় যে, যেতিয়াই মুখ্যমন্ত্ৰীয়ে কোনো ডাঙৰ সিদ্ধান্ত বিবেচনা কৰিবলগীয়া হয়, তেতিয়াই তেওঁ নিজৰ জন্ম গাঁৱলৈ যায়। কাইলৈ সন্ধিয়াৰ ভিতৰত তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল’ব।
এই পলমৰ বাবে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এসপ্তাহৰ পাছতো নতুন চৰকাৰ গঠন কৰিব পৰা নগ’ল। শিৱসেনাৰ সূত্ৰই জনোৱা মতে, এতিয়া এই বৈঠক দেওবাৰে মুম্বাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইফালে বিজেপি নেতাসকলে বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ আগমনৰ বাবে অপেক্ষা কৰি আছে বুলি মন্তব্য কৰে।
একনাথ সিণ্ডে বৃহস্পতিবাৰে নিশা দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠন সন্দৰ্ভত আলোচনা কৰে। সিণ্ডে ইয়াক ইতিবাচক আখ্যা দি শুকুৰবাৰে মুম্বাইত পৰৱৰ্তী ৰাউণ্ডৰ আলোচনাৰ বাবে আশা প্ৰকাশ কৰে।
অৱশ্যে বিজেপিৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে মহাযুতীৰ কোনো বৈঠকৰ কথা নাছিল। দিল্লীত বিজেপি, শিৱসেনা, আৰু এনচিপি (অজিত পাৱাৰ ফৈদ)ৰ নেতাসকলে শ্বাহ আৰু জে.পি. নাড্ডাক লগ পাইছিল আৰু ক্ষমতা বিতৰণৰ বিষয়ে আলোচনা কৰিছিল।
সিণ্ডে উপ-মুখ্যমন্ত্ৰী হোৱাক লৈ সন্দেহ
নতুন চৰকাৰত সিণ্ডেৰ ভূমিকাক লৈ শিৱসেনাৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। একাংশ নেতাই সিণ্ডেক উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দি থকাৰ বিপৰীতে আন কিছুমানে বিশ্বাস কৰে যে, ডেৰ-দুবছৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছত এই ভূমিকা তেওঁৰ বাবে উপযুক্ত নহ’ব। শিৱসেনাৰ নেতা সঞ্জয় শিৰসাতে কয় যে, যদি সিণ্ডে উপ-মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ নকৰে, তেন্তে এই পদ তেওঁৰ দলৰ আন কোনোবা নেতাৰ হাতলৈ যাব।
শিৱসেনাৰ জ্যেষ্ঠ নেতা শম্ভুৰাজ দেশাইয়ে কয় যে, দলীয় কর্মীসকলে বিচাৰে যে নতুন চৰকাৰত সিন্দে ডাঙৰ ভূমিকা পালন কৰক৷
মহাৰাষ্ট্ৰত ২৮৮ জনীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৩২ খন, শিৱসেনাই ৫৭ খন, এনচিপি (অজিত পাৱাৰ ফৈদ) ৪১ খন আসন লাভ কৰে। অহা সপ্তাহত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা আছে। কিন্তু ক্ষমতা ভাগ-বতৰা আৰু সিণ্ডেৰ ভূমিকাক লৈ চলি থকা কাজিয়াৰ বাবে এই প্ৰক্ৰিয়াটো পলম হৈছে। দেওবাৰে মহাযুতীৰ প্ৰস্তাৱিত বৈঠকত এই দিশত এক বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।