দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এজন লোকে আক্ৰমণ কৰে। পদযাত্ৰাৰ সময়ত এজন লোকে কেজৰিৱালৰ কাষলৈ আহি এটা গিলাচত অনা জুলীয়া দ্ৰব্যৰে আক্ৰমণ কৰে। গ্ৰেটাৰ কৈলাশ এলেকাত সংঘটিত হৈছে এই ঘটনা।
আক্ৰমণৰ পিছতেই ঘটনাস্থলত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু কেজৰিৱালৰ সমৰ্থকসকলে আক্ৰমণকাৰীজনক কৰায়ত্ত কৰি উত্তম মধ্যম দিয়ে। অৱশ্যে পিছত নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।
ইফালে এই ঘটনাৰ পিছতেই আম আদমী পাৰ্টীয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি আক্ৰমণৰ বাবে বিজেপিক দোষাৰোপ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি কেজৰিৱালে নিজৰ সমৰ্থকসকলৰ সৈতে মালবিয়া নগৰ অঞ্চলত পদযাত্ৰা কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। আক্ৰমণকাৰীজনক অশোক ঝা বুলি চিনাক্ত কৰা হৈছে।
আম আদমী পাৰ্টীয়ে এই আক্ৰমণ বিজেপিয়ে সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে। লগতে ৰাজ্যখনৰ এগৰাকী প্রাক্তন মুখ্যমন্ত্রীও ৰাজধানীত সুৰক্ষিত নহয় বুলি ক্ষেদ প্রকাশ কৰে দলটোৱে৷
বিজেপিৰ শাসনত আইন-শৃংখলা বিনষ্ট হোৱা বুলি উল্লেখ কৰি দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে বিজেপি নেতাসকলে প্ৰতিখন ৰাজ্যতে ধাৰাবাহিকভাৱে ৰেলী আৰু পদযাত্ৰা কৰে, কিন্তু তেওঁলোকক কেতিয়াও আক্ৰমণ কৰা নহয়।