প্ৰশ্ন কাকত ফাদিল কৰাসকলক লৈ কেন্দ্ৰই আনিলে নতুন নিয়ম। এতিয়াৰে পৰা প্ৰশ্ন কাকত ফাদিল কৰি ধৰা পৰিলে লগে লগে ১০ বছৰলৈ যাব লাগিব জে’ললৈ। জামিনবিহীন ধাৰাত ৰুজু হ’ব গোচৰ। পেপাৰ লীক বিৰোধী আইন প্ৰৱৰ্তন কৰিলে কেন্দ্ৰই। ভৱিষ্যতে পেপাৰ ফাদিল ঘটনা যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবে কঠোৰৰ পৰা কঠোৰ আইন প্ৰৱৰ্তন কৰিলে কেন্দ্ৰই।
দেশজুৰি অনুষ্ঠিত হ’বলদীয়া পৰীক্ষাসমূহত যাতে নকল আৰু পেপাৰ ফাদিল নহয় তাৰ বাবেই আনিলে এই আইন। যদিহে এই ঘটনাত ধৰা পৰে তেন্তে লগে লগে যাব লাগিব কাৰাগাৰলৈ। এইবছৰৰ ফেব্ৰুৱাৰী মাহত সদনত উত্থাপন হৈছিল আইন। ২০২৪ৰ ২১ জুনত এই আইনক স্বীকৃতি দি পৰৱৰ্তী সময়ত পেপাৰ ফাদিল যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবেই এই আনিলে এই আইন। পৰীক্ষাত নকল যদি কৰি ধৰা পৰে তেন্তে ৩ৰ পৰা ৫ বছৰৰ বাবে যাব লাগিব জে’ললৈ। পেপাৰ ফাদিল চক্ৰৰ লগত জড়িত ব্যক্তিক ১০ বছৰ পৰ্যন্ত কাৰাবাস দিয়া হ’ব। তাৰ উপৰিও ১ কোটি টকা পৰ্যন্ত জৰিমণা বিহা হ’ব।
আনহাতে জৰিমণাৰ ক্ষেত্ৰতো কঠোৰ কৰা হৈছে। পেপাৰ ফাদিলত ধৰা পৰা লোকৰ পৰা মাটি-সম্পত্তি বিক্ৰী কৰি হ’লেও প্ৰশাসনে ১ কোটি টকা জৰিমণা আদায় কৰিব। নহ’লে সম্পত্তি জব্দ কৰাৰো প্ৰৱাধান কৰা হৈছে এই আইনৰ আওতাত। পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত খৰছ হোৱা ধনৰাশিও দোষীৰ পৰা সংগ্ৰহ কৰা হ’ব।