তেলেংগানাৰ মুলুগু জিলাত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত তীব্ৰ সংঘৰ্ষৰ খবৰ আহিছে। দুয়ো পক্ষৰ মাজত চলা এনকাউণ্টাৰত ৭জন মাওবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে।
মাওবাদীয়ে দুজন জনজাতীয় লোকক হত্যা কৰাৰ এসপ্তাহৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ সংঘৰ্ষ। ঘটনাস্থলৰ পৰা নিৰাপত্তা বাহিনীয়ে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। AK-47 আৰু INSAS ৰাইফলকে ধৰি আন বহু উন্নত প্ৰযুক্তিৰ অস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
তেলেংগানা আৰক্ষীৰ বিশেষ মাও বিৰোধী বাহিনী ‘গ্ৰেহাউণ্ডছ’ আৰু মাওবাদীৰ মাজত এটুৰানগৰৰ বনাঞ্চলত তালাচী অভিযানৰ সময়ত এই মুখামুখি হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, এনকাউণ্টাৰ ছাইটৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত দুটা এ কে ৪৭ ৰাইফল আছে। মৃত্যু হোৱা মাওবাদীৰ ভিতৰত নিষিদ্ধ সংগঠনটোৰ তেলেংগানা ৰাজ্যিক সমিতিৰ সচিব কুৰছাম মাংগু ওৰফে ভদ্ৰুও আছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।