নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ৮ উইকেটত জয়ী হৈছে ইংলেণ্ড। ক্ৰাইষ্টচাৰ্চত অনুষ্ঠিত হোৱা এই মেচখনতেই বিশ্ব অভিলেখৰ গৰাকী হ’ল টেষ্ট ক্ৰিকেটৰ শীৰ্ষ ৰেংকত থকা বেটাৰ জ’ ৰুট।
টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ এতিয়া ৰুটৰ নামত। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এই মেচখনৰ পূৰ্বে জ’ ৰুটে টেষ্ট ক্ৰিকেটৰ চতুৰ্থ ইনিংছত সৰ্বমুঠ ৪৮ বাৰ বেটিং কৰিছিল। এই সময়ছোৱাত তেওঁৰ নামত আছিল ১৬০৭ ৰান।
নিউজিলেণ্ডৰ বিৰুদ্ধে মেচখনৰ চতুৰ্থ ইনিংছত জ’ ৰুটে ২৩ ৰান বনোৱাৰ লগে লগে এই ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ নামত থকা অভিলেখ ভংগ হয়।
জ’ ৰুটৰ পূৰ্বে শচীন তেণ্ডুলকাৰৰ নামত আছিল চতুৰ্থ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ অভিলেখ। ২৪ বছৰীয়া ক্ৰিকেট ইতিহাসত শচীনে চতুৰ্থ ইনিংছৰ ৬০টা ইনিংছত ১৬২৫ ৰান সংগ্ৰহ কৰিছিল। কিন্তু ৰুটে ৪৯টা ইনিংছতে এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। চতুৰ্থ ইনিংছত ৰুটৰ নামত আছে ১৬৩০ ৰান।
ৰুট-শচীনৰ উপৰি টেষ্টৰ চতুৰ্থ ইনিংছত ১৬০০ৰো অধিক ৰান সংগ্ৰহ কৰাৰ তালিকাত নাম আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক গ্ৰেম স্মিথ আৰু ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলেষ্টাৰ কুক।
উল্লেখ্য যে, চলিত বছৰটোত জ’ ৰুটে সুন্দৰ ফৰ্মৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছ। চলিত বছৰতে ৰুটে এলেষ্টাৰ কুকক অতিক্ৰম কৰি ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীত পৰিণত হৈছিল।