ভাৰতীয় ক্ৰিকেটক বহু উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ পিছত নতুন ইনিংছ আৰম্ভ কৰিছে জয় শ্বাহে। আইচিচিৰ সভাপতি হিচাপে কাৰ্যকাল আৰম্ভ কৰিছে জয় শ্বাহে।
ইয়াৰ লগে লগে তেওঁ হৈ পৰিছে আইচিচিৰ আটাইতকৈ কম বয়সীয়া অধ্যক্ষ। বৰ্তমান তেওঁৰ বয়স মাত্ৰ ৩৫ বছৰ। ইয়াৰ লগে লগে তেওঁ আইচিচিত শাসন কৰা ৫ম ভাৰতীয় হিচাপে পৰিগণিত হৈছে।
চেম্পিয়নছ ট্ৰফীক লৈ চলি থকা বিতৰ্কৰ মাজতে জয় শ্বাহে আইচিচিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে, সেয়েহে এতিয়া এই প্ৰতিযোগিতাখনৰ সিদ্ধান্তত জয় শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে।
২০১৯ চনত জয় শ্বাহক বিচিচিআইৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল। জয় শ্বাহে প্ৰায় ৬ বছৰ ধৰি বিচিচিআইত কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ লগতে ২০২১ চনৰ জানুৱাৰী মাহৰ পৰা তেওঁ এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতিও হৈছিল।
এতিয়া জয় শ্বাহে আইচিচিৰ বাবে কাম কৰিব। একেৰাহে ২টা কাৰ্যকালৰ বাবে আইচিচিৰ অধ্যক্ষ হিচাপে থকা গ্ৰেগ বাৰ্কলেৰ ঠাইত তেওঁ স্থান লাভ কৰিছে। জয় শ্বাহৰ কাৰ্যকালত প্ৰথমখন আইচিচি টুৰ্ণামেণ্ট হ’ব চেম্পিয়নছ ট্ৰফী, যাৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই।
আচলতে পাকিস্তানে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে, কিন্তু ভাৰতে হাইব্ৰিড মডেলত নিজৰ মেচসমূহ বিচাৰে, যিটোক লৈ যোৱা কেইবাদিনো ধৰি বিতৰ্ক চলি আছে।
আইচিচিৰ সভাপতিৰ ভূমিকাত জয় শ্বাহে কয় যে, আইচিচিৰ সভাপতিৰ ভূমিকা গ্ৰহণ কৰি তেওঁ যথেষ্ট সন্মানিত হৈছে আৰু আইচিচিৰ সঞ্চালক আৰু সদস্য ব’ৰ্ডৰ সমৰ্থন আৰু আস্থাৰ বাবে কৃতজ্ঞ।
উল্লেখ্য যে, জয় শ্বাহ ২০০৯ চনৰ পৰা ক্ৰিকেট জগতৰ সৈতে জড়িত হৈ আছে। ২০০৯ চনত তেওঁ গুজৰাট ক্ৰিকেট এছ’চিয়েশ্যনৰ সৈতে যাত্ৰা আৰম্ভ কৰে। তেওঁৰ কাৰ্যকালত তেওঁ আহমেদাবাদৰ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ উন্নয়নৰ তদাৰক কৰিছিল।
ইয়াৰ পিছত ২০১৯ চনত তেওঁ বিচিচিআইত প্ৰৱেশ কৰে। জয় শ্বাহৰ পূৰ্বে মাত্ৰ ৪ জন ভাৰতীয়ই আইচিচিৰ সভাপতি পদত অধিষ্ঠিত আছিল। তেওঁৰ আগত জগমোহন দলমিয়া, শৰদ পাৱাৰ, এন. শ্ৰীনিবাসন আৰু শশাংক মনোহৰে এই দায়িত্ব গ্ৰহণ কৰিছে।