নলবাৰীত সংঘটিত হৈছে এক তীব্ৰ চাঞ্চল্যৰ। জাগাৰাৰ বস্তি চুবুৰিত এগৰাকী বৃদ্ধই প্ৰাণ হেৰুৱাক লৈ সৃষ্টি হৈছে উত্তেজনাৰ।
গুৱাহাটী পৌৰ নিগমৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী উমা বেজবৰুৱা নামৰ ৭০ বছৰীয়া লোকে সোমবাৰে নিশা নিজৰ প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে, ৰাজহুৱা শিৱ মন্দিৰত কাঁচি এখনক লৈ ৰাজহুৱা বিচাৰ চলি আছিল। এই কাঁচিখন আছিল প্ৰভাত তালুকদাৰৰ।
ইয়াৰ পিছতে প্ৰভাত তালুকদাৰ, তেওঁৰ পত্নী নিৰদা তালুকদাৰ আৰু পুত্ৰ পুলেন তালুকদাৰে উমা বেজবৰুৱাৰ ঘৰ খেদি আহে।
এই বিষয়ক লৈ দুয়ো পক্ষৰ মাজত এক তৰ্কযুদ্ধ হয়। কিন্তু পিছলৈ পথাৰতেই কাঁচি খন বিচাৰি পায়। ইয়াৰ পিছতে উমা বেজবৰুৱাই ৰাজহুৱা মন্দিৰলৈ বিচাৰ কৰিবলৈ যায় যদিও বিচাৰ চলি থকা অৱস্থাতেই মন্দিৰত তেওঁ ঢলি পৰে।
পিছলৈ তেওঁক মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ লৈ যায়, যদিও চিকিৎসালয়ত তেওঁৰ প্ৰাণহানি হয়।পৰিয়ালৰ অভিযোগ অনুসৰি, মানসিক নিৰ্যাতনৰ বাবেই প্ৰাণ হেৰুৱায় উমা বেজবৰুৱাই।
ঘটনা সন্দৰ্ভত বাতৰি প্ৰস্তুত কৰা মুহূৰ্তলৈকে কোনো এজাহাৰ দাখিল কৰা হোৱা নাছিল যদিও কিছু সময়ৰ পিছত বেলশৰ থানাত এজাহাৰ দাখিলৰ বাবে প্রস্তুতি চলাইছে পৰিয়ালৰ লোকে।