ৰাছিয়া-ইউক্ৰেইন যুদ্ধত আমেৰিকাকে ধৰি NATOৰ সকলো দেশেই ইউক্ৰেইনক বিপুল সহায় আগবঢ়াইছে, সেয়েহে ৰাছিয়াই এতিয়া সিদ্ধান্ত লৈছে যে এই যুদ্ধত পশ্চিমীয়া দেশসমূহক জয়ী হ’বলৈ নিদিয়ে। এই কাৰণেই ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত জয়ী হ’বলৈ সকলো কৌশল গ্ৰহণ কৰিছে যদিও এই সন্দৰ্ভত ৰাছিয়াৰ বিৰুদ্ধেও বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াই নিজৰ সামৰিক সামৰ্থ্য বৃদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই আছে। ইতিমধ্যে ৰাছিয়াই উত্তৰ কোৰিয়াৰ জোৱান আৰু য়েমেনৰ যোদ্ধাক সেনাবাহিনীত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়া গোচৰটো হৈছে ৰাছিয়াত বাস কৰা মুছলমান শৰণাৰ্থীক যুদ্ধক্ষেত্ৰত যুঁজিবলৈ বলপূৰ্বকভাৱে প্ৰেৰণ কৰা।
আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, মস্কোৱে নিজৰ সেনা বৃদ্ধিৰ বাবে মধ্য এছিয়াৰ পৰা অহা বিদেশী শ্ৰমিকক লক্ষ্য কৰি লৈছে। ৰাছিয়াৰ দাঙ্গা আৰক্ষীয়ে অস্থায়ী মছজিদৰ পৰা কেইবা ডজন শৰণাৰ্থীক তুলি লৈ বলপূৰ্বকভাৱে সেনাবাহিনীত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে।
প্ৰতিবেদন অনুসৰি, মস্কোৰ দক্ষিণ-পূব উপকণ্ঠ ঞ্চল কোটেলনিকিত শৰণাৰ্থী মুছলমানসকল শুকুৰবাৰৰ নামাজৰ বাবে সমবেত হৈছিল। এই সময়ত অস্ত্ৰধাৰী দাঙ্গা আৰক্ষী বিষয়াই কেইবাগৰাকীও লোকক আৰক্ষী জিম্মালৈ লৈ যায়।