অসমত হ্ৰাস পোৱা নাই মহিলা নিৰ্যাতনৰ ঘটনা। নলবাৰীত এজন শিক্ষকে এগৰাকী ছাত্ৰীক নিৰ্যাতন চলোৱাৰ খবৰ অহাৰ পিছত এইবাৰ নগাঁৱত এজন বেংক মেনেজাৰৰ কুচৰিত্ৰৰ কথা পোহৰলৈ আহিছে।
এগৰাকী মহিলাক অশালীন ইংগিত দি নগাঁও আৰক্ষীৰ জালত পৰিছে এজন বেংক মেনেজাৰ। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৰজত কুমাৰ শ্ৰীবাস্তৱ নামৰ এগৰাকী শাখা প্ৰৱন্ধকক আটক কৰে।
জানিব পৰা অনুসৰি, আটক হোৱা শ্ৰীবাস্তৱ নামৰ লোকজন ৰূপহীহাট পাঞ্জাৱ নেচনেল বেংকৰ শাখা প্ৰৱন্ধক।
পিছত শাখা প্ৰৱন্ধকগৰাকীক ভাৰতীয় ন্যায় সংহিতাৰ ৭৪/৭৯ নম্বৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে তেওঁৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছে ১১৯২/২৪ নম্বৰত এটা গোচৰ।