মুম্বাই আৰক্ষীয়ে ট্ৰেফিক হেল্পলাইনৰ হোৱাটছএপ নম্বৰত এক ভাবুকি বাৰ্তা লাভ কৰিছে। এই বাৰ্তাত কোৱা হৈছে যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেণ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বোমা বিস্ফোৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে।
এই বাৰ্তা লাভ কৰাৰ পিছতে মুম্বাই আৰক্ষীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু সমগ্ৰ আৰক্ষী বিভাগ সতৰ্ক মোডত আহে। এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে।
যি নম্বৰৰ পৰা মেছেজ আহিছিল সেই নম্বৰৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কৰাত সেই নম্বৰটো ৰাজস্থানৰ আজমেৰৰ বুলি জানিব পাৰে। ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে মেছেজ প্ৰেৰণ কৰা ব্যক্তিজনক কৰায়ত্ত কৰিবলৈ আজমেৰলৈ এটা দল প্ৰেৰণ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্যা ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে, এগৰাকী আৰক্ষী বিষয়াই কয় যে এই বাৰ্তাৰ জৰিয়তে দুজন আইএছআই এজেণ্ট জড়িত থকা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ কৰাৰ কথা উল্লেখ কৰিছে।