টেষ্ট কেৰিয়াৰৰ ৩৬ সংখ্যক শতক অৰ্জন কৰি ইতিহাস ৰচিলে ইংলেণ্ডৰ অনুভৱী বেটাৰ জ’ ৰুটে। এই শতকটো অৰ্জন কৰাৰ লগে লগে টেষ্ট ক্ৰিকেট ইতিহাসত সৰ্বাধিক শতক অৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকাত পঞ্চম স্থানত উপনীত হয় ৰুট।
নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টৰ দ্বিতীয় ইনিংছত ৰুটে ১৩০টা বলত ১১টা চাৰিৰ সহায়ত ১০৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলে।
টেষ্ট ক্ৰিকেটত ৰুটে সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ভাৰতৰ ৰাহুল দ্ৰাবিড়ৰ নামত থকা শতকৰ সংখ্যা স্পৰ্শ কৰাৰ লগতে ২০২১ বৰ্ষৰ পৰা টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জন কৰাৰো অভিলেখ গঢ়ে।
২০২১ বৰ্ষৰ পৰা এতিয়ালৈকে ৰুটে সৰ্বমুঠ ১৯টা শতক অৰ্জন কৰিছে। তেওঁৰ বাহিৰে আন কোনো ক্ৰিকেটাৰে এই কৃতিত্ব গঢ়িবলৈ সক্ষম হোৱা নাই।
২০২১ বৰ্ষৰ পৰা এতিয়ালৈকে শতক অৰ্জন কৰাৰ ক্ষেত্ৰত ৰুটৰ পিছতেই আছে নিউজিলেণ্ডৰ তাৰকা বেটাৰ কেন উইলিয়ামছন। কেন উইলিয়ামছনে এতিয়ালৈকে ৯টা শতক অৰ্জন কৰিছে। আনহাতে ৮টা শতকেৰে এই তালিকাৰ তৃতীয় স্থানত আছে ইংলেণ্ডৰ হেৰী ব্ৰুক।