ছিৰিয়াত চলি থকা গৃহযুদ্ধৰ মাজতে আহিছে এটা ডাঙৰ খবৰ। সশস্ত্ৰ বিদ্ৰোহীয়ে ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ দখল কৰাৰ পিছতে প্ৰাণ ৰক্ষাৰ বাবে দেশৰ পৰা পলায়ন কৰা ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে।
উল্লেখ্য যে, প্ৰথমে বিদ্ৰোহীৰ ভয়ত আছাদৰ পৰিয়ালে দেশ এৰি পলায়ন কৰে আৰু ইয়াৰ পিছত ৰাষ্ট্ৰপতি আছাদে দেশৰ পৰা পলায়ন কৰাৰ খবৰ আহে।
শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি ৰাষ্ট্ৰপতিৰ বিমানখন উৰণৰ কিছু সময়ৰ পাছতে ৰাডাৰৰ পৰা নোহোৱা হৈ যায় আৰু তাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত হয়।
অৱশ্যে এয়া প্ৰাৰম্ভিক খবৰ বুলিহে বহু সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। ইফালে আন একাংশ সংবাদ মাধ্যমে ছিৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকী বিদ্ৰোহীৰ গুলীত মৃত্যুক আঁকোৱালি লোৱা বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে, দেওবাৰে পুৱা ছিৰিয়াৰ দুটা বিদ্ৰোহী সশস্ত্ৰ সংগঠন হায়াত তাহৰিৰ আল-শ্বাম (এইচটিএছ) আৰু তেওঁলোকৰ সংযুক্ত জইছ আল ইজ্জাৰ সংযুক্ত বাহিনীয়ে ডামাস্কাছত প্ৰৱেশ কৰে। ৰাজধানী চহৰখন ঘেৰি ধৰিছিল।যাৰ পাছত সেনাবাহিনীও পিছুৱাই গৈছে। দেওবাৰে পুৱা ডামাস্কাছত কোনো চৰকাৰী প্ৰতিনিধি বা বাহিনী দেখা পোৱা নগ’ল। বিদ্ৰোহীয়ে কোনো বাধা নোহোৱাকৈ ৰাজধানীখন দখল কৰিছে।
এই বিদ্ৰোহে সমগ্ৰ দেশতে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। সংবাদ সংস্থা এএফপিয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে পুৱাৰে পৰা ডামাস্কাছত বন্দুকৰ গুলীৰ শব্দ শুনা গৈছে। ভয়ত ঘৰৰ পৰা ওলাই যাব পৰা নাই বাসিন্দাসকল। চৰকাৰৰ পতনৰ আশংকাত ৰাজধানী এৰি পলাবলৈ আৰম্ভ কৰিছে ৰাষ্ট্ৰপতি আছাদৰ সমৰ্থকসকলে।