সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে সদায় বাতৰিৰ শিৰোণাম দখল কৰি থকা জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত দেওবাৰে উদ্ধাৰ হৈছে দুজন আৰক্ষী কৰ্মীৰ মৃতদেহ। গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ দুটাক লৈ সম্প্ৰতি জম্মু-কাশ্মীৰত তীব্ৰ চাঞ্চল্যময় পৰিৱেশে বিৰাজ কৰিছে।
এই ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াই সন্দেহ প্ৰকাশ কৰিছে যে ইজনে সিজনক গুলীওৱাৰ ফলতেই আৰক্ষী কৰ্মী দুজনৰ মৃত্যু হৈছে। আজি পুৱা প্ৰায় ৬.৩০ মিনিটত জিলা মুখ্য কাৰ্যালয়স্থিত কালী মন্দিৰৰ বাহিৰত থকা আৰক্ষী বাহনৰ পৰা দুয়োজনৰ মৃতদেহ উদ্ধাৰ হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়। প্ৰাৰম্ভিত তদন্তত ইজনে সিজনৰ ওপৰত গুলী চলোৱাৰ ফলতেই মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
এই ঘটনাটোত AK-47 ৰাইফল ব্যৱহাৰ হোৱা বুলি ঘটনাস্থলত উপস্থিত থকা এজন শীৰ্ষ আৰক্ষী বিষয়াই জানিব দিয়ে। অৱশ্যে কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেয়া জানিবৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।