ইতিহাস ৰচিলে পাকিস্তানৰ বেগী বলাৰ শ্বাহিন আফ্ৰিদীয়ে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত শ্বাহিনে দমনীয় প্ৰদৰ্শন আগবঢ়াই নিজৰ ৪ অভাৰত ২২ ৰান খৰচ কৰি তিনিটা উইকেট দখল কৰে। ইয়াৰ লগে লগে তেওঁ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰে ১০০ উইকেট।
শ্বাহিনে ৭৪ খন আন্তঃৰাষ্ট্ৰীয় মেচত ১০০টা উইকেট দখল কৰি এক বিশেষ কৃতিত্বৰ অধিকাৰী হয়। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত দ্ৰুতগতিত ১০০ উইকেট দখল কৰাৰ ক্ষেত্ৰত তেওঁ ভংগ কৰিলে শ্ৰীলংকাৰ মহান বেগী বলাৰ লাছিথ মালিংগাৰ অভিলেখ।
মালিংগাই নিজৰ ৭৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০০ উইকেট দখল কৰিছিল। ইফালে সবাটোকৈ দ্ৰুতগতিত ১০০ উইকেট দখল কৰাৰ অভিলেখ আছে আফগানিস্তানৰ ৰাছিদ খানৰ নামত। ৰাছিদ খানে এই কৃতিত্ব গঢ়িছিল ৫৩খন মেচত।
ইফালে পাকিস্তানৰ হৈ সৰ্বাধিক দ্ৰুতগতিত ১০০ উইকেট দখল কৰাৰ কৃতিত্ব আছে হাৰিছ ৰৌফৰ নামত। হাৰিছে ৭১ খন মেচত ১০০ উইকেট দখলৰ কৃতিত্ব গঢ়িছিল।
আনহাতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰাৰ ক্ষেত্ৰতো বিশ্বৰ চতুৰ্থগৰাকী বলাৰ হিচাপে পৰিগণিত হৈছে শ্বাহিন। পাকিস্তানৰ হৈ তিনিওটা ফৰ্মেটত ১০০ৰো অধিক উইকেট দখল কৰা শ্বাহিন প্ৰথমগৰাকী ক্ৰিকেটাৰ।
তিনিওটা ফৰ্মেটতে ১০০ উইকেট দখল কৰা বলাৰ
লাছিথ মালিংগা
টিম ছাউথি
শ্বাকিব আল হাছান
শ্বাহীন শ্বাহ আফ্ৰিদী