কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অলপতে প্ৰৰোচনামূলক আৰু বীৰ সাভাৰকাৰৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি লক্ষ্ণৌৰ এখন আদালতে কংগ্ৰেছ নেতাগৰাকীক চমন জাৰি কৰিছে।
কংগ্ৰেছ নেতাগৰাকীক অহা বৰ্ষৰ ১০ জানুৱাৰীত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
লক্ষ্ণৌৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ তৃতীয়ৰ আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ) আৰু ৫০৫ নং ধাৰাত প্ৰাইমা ফেচি অপৰাধৰ বাবে চমন জাৰি কৰিছে।
অধিবক্তা নৃপেন্দ্ৰ পাণ্ডেই অভিযোগ দাখিল কৰাৰ সময়ত অভিযোগ উত্থাপন কৰিছিল যে ২০২২ চনৰ ১৭ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আকোলাত এখন সংবাদমেলৰ সময়ত ৰাহুল গান্ধীয়ে বীৰ সাভাৰকাৰক “ব্ৰিটিছৰ সেৱক” আৰু “পেঞ্চনাৰ” বুলি অভিহিত কৰিছিল।
তেওঁ লগতে ৰাহুল গান্ধীয়ে এনেধৰণৰ মন্তব্যৰ জৰিয়তে সমাজত ঘৃণা বিয়পোৱাৰ চেষ্টা চলোৱা বুলিও অভিযোগ কৰে।
উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত অৰ্থা ২০২২ চনৰ নৱেম্বৰ মাহত দাবী কৰিছিল যে সাভাৰকাৰে ইংৰাজসকলক সহায় কৰে। সাৱৰকাৰে ইংৰাজসকলক চিঠি লিখি কৈছিল যে তেওঁ তেওঁলোকৰ দাস হৈ থাকিব বিচাৰে। ভয়ত সাৱৰকাৰে ক্ষমাপ্ৰাৰ্থনাত স্বাক্ষৰ কৰি মহাত্মা গান্ধী আৰু অন্যান্য নেতাক বিশ্বাসঘাতকতা কৰে।