চাকৰি বিচাৰি থকাসকলৰ বাবে ডাঙৰ খবৰ দিলে উত্তৰ প্ৰদেশ চৰকাৰে। এহাজাৰ বা দুহেজাৰ নহয়, ৪২ হাজাৰ হোমগাৰ্ডৰ চাকৰি ওলাইছে উত্তৰ প্ৰদেশত। ৪২হাজাৰ লোকক হোমগাৰ্ড হিচাপে নিযুক্তি দিব যোগী চৰকাৰে।
শীঘ্ৰেই ৪২ হাজাৰ হোমগাৰ্ডৰ চাকৰিত নিযুক্তি দিবলৈ নিৰ্দেশ দিছে যোগী আদিত্যনাথে। আৰু কিছুদিন পিছতে আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়া। হোমগাৰ্ডক লৈ নতুন নিয়ম তৈয়াৰ কৰিবলৈও নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগীয়ে। আইন-শৃংখলাৰ ক্ষেত্ৰত হোমগাৰ্ডসকলৰ ভূমিকাক প্ৰশংসা কৰে যোগীয়ে। যাৰ বাবে আৰু অধিক হোমগাৰ্ড নিযুক্তি দিব বুলিও প্ৰকাশ কৰে যোগীয়ে। হোমগাৰ্ডসকলে যাতে অধিক সুবিধা লাভ কৰে তাৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগীয়ে। হোমগাৰ্ডসকল যাকে ফীট হৈ থাকে তাৰ বাবে প্ৰতি সপ্তাহিক ড্ৰীল কৰাৰ বাবেও নিৰ্দেশ দিছে।