বিগত কেইটামান দিন ধৰি বলিউডৰ অভিনেতা বৰুণ ধাৱন তেওঁৰ আহিবলগীয়া ছবি ‘বেবী জন’ৰ বাবে বিশেষ চৰ্চাত আছে। বৰ্তমান সময়ত অভিনেতাগৰাকী ছবি প্ৰচাৰৰ কামত ব্যস্ত হৈ আছে।
ইয়াৰ মাজতে বৰুণে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক লগ পোৱাৰ সময়তে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বৰুণ ধাৱন। শ্বাহক ‘দেশৰ হনুমান’ আখ্যা দিয়ে বৰুণে।
এই সময়ত অমিত শ্বাহেও বৰুণক প্ৰশংসা কৰে। পৰৱৰ্তী সময়ত বৰুণে শ্বাহক এটা প্ৰশ্ন কৰে। বৰুনে গৃহমন্ত্ৰী গৰাকীক ভগৱান ৰাম আৰু ৰাৱণৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্য কি আছিল বুলি প্ৰশ্ন কৰে। উত্তৰত অমিত শ্বাহে কয় যে, ৰামে ধৰ্মৰ ব্যাখ্যা অনুসৰি জীৱন কটাইছিল আৰু ৰাৱণে নিজৰ ব্যাখ্যা অনুসৰি ধৰ্ম সলনি কৰিবলৈ চেষ্টা কৰিছিল।
বৰ্তমান সময়ত বৰুণ ধাৱন আৰু অমিত শ্বাহৰ এই কথোপকথন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
উল্লেখ্য যে, বৰদিন উপলক্ষে অহা ২৫ ডিচেম্বৰত মুক্তি পাব বৰুণ ধাৱনৰ ছবি ‘বেবী জন’ ।এই ছবিখনত মূল খলনায়কৰ অভিনয়ত অভিনয় কৰিছে জেকী শ্ৰফে।
শ্বাহৰুখ খানৰ কেৰিয়াৰৰ সৰ্ববৃহৎ ছবি ‘জৱান’ পৰিচালনা কৰা এটলীয়ে প্ৰযোজনা কৰিছে ‘বেবী জন’। এই ছবিখনত ছলমান খানকো দেখিবলৈ পোৱা যাব। গতিকে ছবিখনে ৰাইজৰ মন জয় কৰিব পাৰেনে নাই সেয়া সময়ত গম পোৱা যাব।