আই চি চিৰ অন্যতম সন্মানীয় প্ৰতিযোগিতা চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ চলি থকা ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ সমাধান হৈছে। আই চি চিৰ এটা সিদ্ধান্তৰ পিছতে দুয়োখন দেশৰ মাজত চলা বিবাদৰ অন্ত পৰা পৰিলক্ষিত হয়।
অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। কিন্তু ইয়াৰ সমান্তৰালকৈ আইচিচিয়ে এনে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যিয়ে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক ক্ষতি কৰাৰ সম্ভাৱনা আছে।
আই চি চিৰ সিদ্ধান্ত অনুসৰি, ২০২৪ চনৰ পৰা ২০২৭ চনলৈ ভাৰত আৰু পাকিস্তানত আয়োজিত হ’বলগীয়া সকলো প্ৰতিযোগিতাৰ বাবে হাইব্ৰিড মডেল পদ্ধতিকেই চূড়ান্ত কৰিছে। আই চি চিৰ এই সিদ্ধান্ত অনুসৰি ২০২৫ত ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপো হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব।
ইফালে ২০২৮ চনত পাকিস্তানত আয়োজন হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপো হাইব্ৰিড মডেলৰ জৰিয়তে হ’ব।
আই চি চিৰ এই নতুন সিদ্ধান্তৰ অৰ্থ কেৱল এইটোৱেই যে পাকিস্তানৰ দলটো আৰু কোনো প্ৰতিযোগিতাৰ বাবে ভাৰতলৈ নাহে। পাকিস্তান ক্ৰিকেট দল ভাৰতলৈ আহিছিল এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে।
কিন্তু এতিয়া পাকিস্তানী দলটো ২০২৭ চনলৈ কোনো ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল’বলৈ আহিবলৈ যোৱা নাই। ২০২৭ চনলৈকে ভাৰত বা পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমূহৰ বাবে আইচিচিয়ে হাইব্ৰিড মডেল ৰূপায়ণ কৰিছে।