ছিৰিয়াৰ নতুন নেতা আল শ্বাৰাক উৎখাত কৰাৰ বাবে নিৰ্ধাৰিত পুৰস্কাৰ প্ৰত্যাহাৰ কৰে বাইডেন প্ৰশাসনে। ছিৰিয়াৰ এজন বিদ্ৰোহী নেতাক বন্দী কৰাৰ বাবে আগবঢ়োৱা এক কোটি মাৰ্কিন ডলাৰৰ পুৰস্কাৰৰ পিছত নোলোৱাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে আমেৰিকা চৰকাৰে।
ডামাস্কাছত পূৰ্বে আল কায়দাৰ সৈতে জড়িত হায়াত তাহৰিৰ আল শ্বামৰ নেতা আহমেদ আল শ্বাৰা আৰু মধ্যপ্ৰাচ্যৰ বাবে আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদ বাৰ্বাৰা লিফৰ মাজত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে আমেৰিকাই।
ছিৰিয়াৰ নতুন নেতাগৰাকীক সাক্ষাৎ কৰিবলৈ প্ৰতিনিধি দলৰ নেতৃত্বত আছাদক ক্ষমতাচ্যুত কৰাৰ পিছত ছিৰিয়াত প্ৰথমগৰাকী আমেৰিকান কূটনীতিবিদ বাৰ্বাৰা লিফ।
চলিত মাহৰ আৰম্ভণিতে ছিৰিয়াৰ বিদ্ৰোহীয়ে আছাদ পৰিয়ালৰ ৫০ বছৰীয়া শাসন উৎখাত কৰিছিল। দাবী কৰা হৈছে যে, আছাদ চৰকাৰৰ বিৰুদ্ধে যুঁজি থকা এই বিদ্ৰোহীসকলক তুৰ্কিয়ে আৰু আমেৰিকাই সহায় কৰিছে। বিদ্ৰোহী সংগঠনটোৱে ক্ষমতা দখল কৰাৰ পিছৰে পৰা আমেৰিকাই আহমেদ আল শ্বাৰাক মষ্ট ৱাণ্টেড তালিকাৰ পৰা আঁতৰোৱাৰ কথা চিন্তা কৰি আছিল।