ৰাজস্থানৰ জয়ছালমেৰত GST তথা জি এছ টি পৰিষদৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকতে কোনবোৰ সামগ্ৰীত জি এছ টি কিমান বৃদ্ধি হ’ল আৰু কিমান হ্ৰাস পালে সেয়া সদৰি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
বিত্তমন্ত্ৰীগৰাকীয়ে জানিব দিয়া অনুসৰি, জি এছ টি পৰিষদে ফৰ্টিফাইড ধানৰ গুটিৰ হাৰ ৫%লৈ হ্ৰাস কৰিছে। ইয়াৰ উপৰি খাদ্য ডেলিভাৰী এপত জি এছ টি সন্দৰ্ভত বিত্তমন্ত্ৰীয়ে কয় যে আপাততঃ পিছুৱাই দিয়া হৈছে। তেওঁ লগতে কয় যে ডেলিভাৰী চাৰ্জ আৰু খাদ্যৰ ক্ষেত্ৰত পৃথকে পৃথকে জি এছ টি আৰোপ কৰিব লাগে নে নাই সেই বিষয়েও আলোচনা কৰা হৈছে।
সৰু কোম্পানীবোৰৰ বাবে ডাঙৰ খবৰ
ইয়াৰ উপৰি বিত্তমন্ত্ৰী সীতাৰমনে কয় যে নতুন পঞ্জীয়ন ব্যৱস্থাৰ বাবে জি এছ টিৰ সংশোধনী অনাৰ বাবে জি এছ টি পৰিষদে কনচেপ্ট নোটত নীতিগত অনুমোদন জনাইছে। যাতে সৰু কোম্পানীসমূহে কম ইনপুট টেক্স ক্ৰেডিট লাভ কৰাটো সহজ হৈ পৰে।
ইফালে বিত্তমন্ত্ৰী সীতাৰমণে কয় যে নতুন ইলেকট্ৰনিক বাহনত ৫% জিএছটি আছে। কোনো ব্যক্তিৰ মাজত পুৰণি ইলেক্ট্ৰনিক বান বিক্ৰী হ’লে ইয়াৰ বাবে জিএছটি নাথাকে। কিন্তু যদি কোনো কোম্পানীয়ে পুৰণি ইলেকট্ৰনিক বাহন, পেট্ৰ’ল, ডিজেল বাহন বিক্ৰী কৰে তেন্তে কাউন্সিলে মাৰ্জিনত জিএছটিৰ হাৰ ১৮% লৈ বৃদ্ধি কৰিছে।
উল্লেখ্য যে, জি এছ টি কাউন্সিলৰ এই ৫৫ সংখ্যক বৈঠকত কেইবাজনো ডাঙৰ ডাঙৰ ব্যক্তি উপস্থিত আছিল। এইসমূহৰ ভিতৰত আছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধৰী, জম্মু-কাশ্মীৰ, গোৱা, হাৰিয়ানা, ওড়িশা, মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।
ইয়াৰ উপৰি বহু ৰাজ্যৰ বিত্তমন্ত্ৰী, ৰাজহ সচিব আৰু চিবিআইচিৰ অধ্যক্ষও এই বৈঠকত উপস্থিত আছিল। একে সময়তে বিত্ত মন্ত্ৰালয়ৰ বহু উচ্চপদস্থ বিষয়াইও এই বৈঠকত অংশ লৈছিল।