অনশনত বহি অসুস্থ হৈ পৰিছে দিল্লী আপ চৰকাৰৰ জলমন্ত্ৰী আতিশী মাৰ্লেনা। ধাৰাবাহিক অনশন অব্যাহত ৰাখিছিল আতিশী মাৰ্লেনাই। নিশা হঠাৎ অসুস্থ হৈ পৰে আতিশী মাৰ্লেনা। লগে লগে চিকিৎসাৰ বাবে দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় মন্ত্ৰীগৰাকীক। আপৰ নেতাসকলে নিশায়ে LNJP হাস্পতালত ভৰ্তি কৰোৱায় মন্ত্ৰীগৰাকীক। দিল্লীৰ জলসংকটৰ বাবে ২১ জুনৰ পৰা অনশন অব্যাহত ৰাখিছে আতিশী মাৰ্লেনাই। যেতিয়ালৈকে দিল্লীবাসীয়ে খোৱাপানী লাভ নকৰে তেতিয়ালৈ অনশন অব্যাহত ৰাখিব বুলি সংকল্প লৈছে জলমন্ত্ৰী আতিশীয়ে।
হাৰিয়ানাই যেতিয়ালৈকে দিল্লীৰ বাবে পানীৰ যোগান নধৰে তেতিয়ালৈ অব্যাহত ৰাখিব অনশন। পঞ্চম দিনাৰ এই অনশনৰ সময়ত অসুস্থ হৈ পৰে আতিশী মাৰ্লেনা। ছুগাৰ আৰু ব্লাড প্ৰেছাৰ অৱনমিত হোৱাৰ ফলত নিশায়ে হাস্পতালত ভৰ্তি কৰোৱা হয় আতিশী মাৰ্লেনাক। হাস্পতাললৈ কোনো কাৰণতে যাব খোজা নাছিল আতিশীয়ে। শৰীৰ যিমানেই অসুস্থ হৈ নপৰক কিয় তাৰ বাবে চিন্তা নকৰো বুলি প্ৰকাশ কৰে আতিশীয়ে। হাৰিয়ানাই পানী নিদিয়া পৰ্যন্ত এই অনশন অব্যাহত থাকিব বুলি হুংকাৰ আতিশীৰ।
বিজেপি শাসিত হাৰিয়ানা চৰকাৰে দিল্লীক পানী যোগান নধৰাৰ অভিযোগ উত্থাপন কৰিছিল আপ মন্ত্ৰী আতিশীয়ে। ষড়যন্ত্ৰমূলক ভাবে দিল্লীৰ ৰাজনীতি খেলিমেলি কৰাৰ বাবেই বিজেপি শাসিত হাৰিয়ানাই জানি বুজিয়েই পানীৰ সমস্যাৰ সৃষ্টি কৰিছে বুলি অভিযোগ জলমন্ত্ৰী গৰাকীৰ।