চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী যদিও ঘোষণা আনুষ্ঠানিকভাৱে কৰা হোৱা নাই। কিন্তু, ইয়াৰ আৰম্ভণি আৰু শেষৰ তাৰিখ ইতিমধ্যে খচৰা সূচী অনুসৰি প্ৰকাশ কৰা হৈছে।
খবৰ অনুসৰি ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰা হ’ব। ইয়াৰ শেষৰখন মেচ অৰ্থাৎ ফাইনেলখন ৯ মাৰ্চত অনুষ্ঠিত হ’ব। এতিয়া মুঠতে এই ১৯ দিনৰ ভিতৰত ৮টা দলৰ মাজত প্ৰতিযোগিতা হ’ব, যিবোৰক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপত ৪টাকৈ দল আছে। ভাৰত আৰু পাকিস্তানক প্ৰতিযোগিতাখনৰ একেটা গ্ৰুপতে স্থান দিয়া হৈছে, অৰ্থাৎ গ্ৰুপ পৰ্যায়ৰ বাহিৰেও নকআউট পৰ্যায়তো হ’ব পাৰে তেওঁলোকৰ মাজত প্ৰতিযোগিতা।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজক পাকিস্তান হ’লেও ভাৰতৰ বিৰুদ্ধে খেলসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ’ব। তথ্য অনুসৰি, ডুবাইক নিৰপেক্ষ স্থান হিচাপে অনুমোদন জনোৱা হৈছে। অৰ্থাৎ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হ’ব। ড্ৰাফট সূচী অনুসৰি এই মেচখন ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।
ড্ৰাফট সূচী অনুসৰি চেম্পিয়নছ ট্ৰফীৰ বাবে সকলো দলকে দুটা গ্ৰুপত ভাগ কৰা হৈছে। ভাৰত আৰু পাকিস্তানৰ বাহিৰেও গ্ৰুপ Aত নিউজিলেণ্ড আৰু বাংলাদেশ অন্তৰ্ভুক্ত। আনহাতে গ্ৰুপ Bত অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান আছে।
১৯ ফেব্ৰুৱাৰীত প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত নিউজিলেণ্ড আৰু পাকিস্তানৰ মুখামুখি হ’ব। এই খেলখন কৰাচীত অনুষ্ঠিত হ’ব। অহা ২০ ফেব্ৰুৱাৰীৰ পৰা বাংলাদেশৰ বিৰুদ্ধে ভাৰতে অভিযান আৰম্ভ কৰিব। দ্বিতীয়খন মেচত ২৩ ফেব্ৰুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে খেলিব।
গ্ৰুপ পৰ্যায়ত ভাৰতৰ তৃতীয় আৰু অন্তিমখন খেল ২ মাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে হ’ব। প্ৰতিযোগিতাখনৰ দ্বিতীয় গ্ৰুপৰ আটাইকেইখন খেল লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব।
যদি ভাৰতে ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে, তেন্তে এই দুয়োখন নকআউট মেচ ডুবাইত অনুষ্ঠিত হ’ব। যদি ভাৰতে ফাইনেলত প্ৰৱেশ নকৰে, তেন্তে লাহোৰত অনুষ্ঠিত হ’ব দুয়োখন মেচ। ড্ৰাফ্ট সূচীৰ অধীনত, আগন্তুক কেইঘণ্টামানৰ ভিতৰত চেম্পিয়নছ ট্ৰফী ২০২৫ৰ চূড়ান্ত সূচীও বিশ্ববাসীৰ আগত প্ৰকাশ পাব বুলি আশা কৰা হৈছে।