জৰায়ুৰ সংক্ৰমণ মহিলাৰ সাধাৰণ সমস্যা যদিও ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ জনা উচিত। কাৰণ এই ৰোগ যদি সময়মতে চিনাক্ত নহয়, তেন্তে এই ৰোগে গুৰুতৰ ৰূপ ল’ব পাৰে।
কিয়নো ইয়াৰ ফলত এগৰাকী নাৰীৰ মাতৃ হোৱাৰ সপোন ভাঙিব পাৰে। কাৰণ জৰায়ুত সংক্ৰমণ হ’লে জৰায়ুত আন বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত পোনপটীয়াকৈ বন্ধ্যাত্বৰ সৃষ্টি হয়।
আশা আয়ুৰ্বেদৰ সঞ্চালক তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চাঞ্চল শৰ্মাই কয় যে, জৰায়ুৰ সংক্ৰমণৰ সাধাৰণ সমস্যা কেতিয়া গুৰুতৰ হৈ পৰিব সেয়া সহজে জনা নাযায়। গতিকে লক্ষণসমূহ সময়মতে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। দেখা যায় যে, কিছুমান মহিলাই এই লক্ষণবোৰক আওকাণ কৰি সমস্যা বাঢ়িলে চিকিৎসালয়লৈ আহে। যিটো বিপদজনক হৈ উঠিব পাৰে।
ডাঃ চাঞ্চলে কয় যে শৰীৰত বহু প্ৰকাৰৰ বিপজ্জনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ মাজেৰে পাৰ হৈ জৰায়ুত উপস্থিত হয়, তেন্তে জৰায়ুত সংক্ৰমণ ঘটে। এই সংক্ৰমণেই পিছলৈ বন্ধ্যাত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে ইয়াক সহজভাৱে ল’ব নালাগে আৰু যদি এই লক্ষণসমূহ দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
যদি পেটৰ তলৰ অংশত ফুলি উঠে আৰু ই স্থায়ী হয়, তেন্তে লগে লগে পৰীক্ষা কৰা উচিত।
জানো আহক এই ৰোগৰ লক্ষণসমূহ-
- প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰা।
- প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ হোৱাটো সাধাৰণতে ইউটিআইৰ লক্ষণ যদিও ই জৰায়ুৰ সংক্ৰমণো হ’ব পাৰে।
- পেটৰ বিষ
- ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ
গতিকে যদিহে পেটত গেছ, কোষ্ঠকাঠিন্য বা যকৃতৰ ৰোগ নাথাকে আৰু তথাপিও পেটৰ বিষ হয়, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত। পিৰিয়ডৰ সময়ত স্বাভাৱিকতকৈ বেছি বিষ হ’লে সহজভাৱে ল’ব নালাগে। ই জৰায়ুৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।
জৰায়ুৰ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি-
- নিৰাপদ যৌন সম্পৰ্ক অভ্যাস কৰা উচিত
- নিয়মীয়াকৈ পৰীক্ষা কৰা উচিত
- পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা উচিত
- সুষম খাদ্য খাব লাগে