অসম্ভৱকো সম্ভৱ কৰি বিশ্ববাসীক আচৰিত কৰি তুলিলে এগৰাকী মাদ্ৰাছাৰ মেধাৱী ছাত্ৰই। ৬ মাহতেই পৱিত্ৰ কোৰাণ শ্বৰীফ মুখস্থ কৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলক আচৰিত কৰি তুলিলে ছাত্ৰ গৰাকীয়ে।
বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ নশ্বেদ আলীৰ ১২ বছৰীয়া পুত্ৰ ৰিবুল আমিন। লাওঁখোৱাৰ ৭ নং বগামুখ হাফিজীয়া ও ক্বাৰিয়ানা মাদ্ৰাছাত অধ্যয়ন কৰি ৬ মাহতেই মুখস্থ কৰিলে পৱিত্ৰ কাৰান শ্বৰীফ।
নিয়ম অনুযায়ী অধিক পৰিশ্ৰমৰ পিছতো ক্বোৰান শ্বৰীফ মুখস্থ কৰিবলৈ অতি কমেও ৩ বছৰ সময়ৰ প্ৰয়োজন হয়। কিন্তু মাত্ৰ ৬ মাহতেই কোৰাণ শ্বৰীফ মুখস্থ কৰি নিজৰ অফুৰন্ত প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে ৰিবুল আমিনে।
ৰিবুলৰ সফলতাত গৌৰৱান্বিত মাদ্ৰাছাৰ শিক্ষক তথা পৰিচালনা সমিতিৰ লগতে সকলো ধৰ্মাৱলম্বী লোক। ৰিবুলক ধৰ্মীয় নিয়ম অনুযায়ী পাগুৰী প্ৰদান কৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলে যাচিলে সন্মান।