কলিয়াবৰত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। ২৪ ডিচেম্বৰৰ নিশা কলিয়াবৰৰ ৰাঙলুত এই ঘটনা সংঘটিত হয়। ত্ৰিশূল নামৰ নৈশ বাছৰ চালক-হেণ্ডিমেনৰ চুৰিৰ আঘাতত আহত হয় এগৰাকী যুৱক।
যাত্ৰীবাহী নৈশবাছ ত্ৰিশূলৰ চালক-হেণ্ডিমেনে চুৰিৰে আঘাত কৰে এই যুৱকজনক। উক্ত ঘটনাত গুৰুত্বৰভাৱে আহত হয় কলিয়াবৰৰ চুলেমান হুছেইন নামৰ যুৱকজন।
গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এএছ০১এলচি ৪৭১৭ নম্বৰৰ ত্ৰিশূল নামৰ যাত্ৰীবাহী নৈশ বাছখনত গাড়ী ভাড়াক লৈ কথাত কটা-কটি হৈছিল গাড়ীখনৰ যাত্ৰী মুকেশ কুমাৰ সাহৰ লগত। কলিয়াবৰৰ জখলাবন্ধা থানাৰ অন্তৰ্গত ৰাঙলু 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত গাড়ীখন ৰখাই যাত্ৰীজনক বাছৰ পৰা নমাই দুয়োপক্ষই তৰ্কা-তৰ্কি লিপ্ত হয় আৰু যাত্ৰী মুকেশক চালক-হেণ্ডিমেনে প্ৰহাৰ কৰিবলৈ উদ্যত হয়।
সেইসময়তে আন এখন গাড়ী চলাই যোৱা চুলেমান হুছেইন নামৰ এজন যুৱকে বাধা প্ৰদান কৰাত গাড়ীখনৰ চালক-হেণ্ডিমেনে যুৱকজনৰ পিঠিত চুৰিৰে আঘাত কৰে।যথেষ্ট ৰক্তক্ষণ হোৱাত যুৱকজনক কলিয়াবৰ সম-জিলা অসামৰিক চিকিৎসালয়লৈ নিয়া হয়, যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
সম্প্ৰতি যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে জখলাবন্ধা আৰক্ষীয়ে খবৰ পোৱাৰ পাছতেই বাগৰি আৰক্ষী চকীৰ সন্মুখত নৈশ বাছ খন জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক-হেণ্ডিমেনক আটক কৰে। বৰ্তমানেও এই সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত আছে।