আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ লজ্জানত হ’ল পাকিস্তান। বিগত ২৪ ঘণ্টাত ছৌদি আৰব, ইউ এ ই আৰু বন্ধু দেশ হিচাপে পৰিচিত চীনসহ সাতখন দেশৰ পৰা ২৫৮ গৰাকী পাকিস্তানী নগৰিকক উভতাই পঠিয়াইছে।
পাকিস্তানী ইমিগ্ৰেশ্যন বিষয়াৰ মতে, কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা ২৫৮ জন লোকৰ ভিতৰত ২৪৪ জন লোকক জৰুৰীকালীন ভ্ৰমণৰ নথি-পত্ৰৰ ভিত্তিত বিতাড়িত কৰা হৈছে। ১৪ জনৰ বৈধ পাকিস্তানী পাছপ’ৰ্ট আছিল। মাত্ৰ ১৬ জন বিতাড়িত লোকক “সন্দেহজনক পৰিচয়”ৰ দোষত গ্ৰেপ্তাৰ কৰা হৈছিল, বাকীসকলক কেৱল সোধা-পোছাৰ অন্তত মুকলি কৰি দিয়া হৈছিল।
পাকিস্তানৰ আগশাৰীৰ নিউজ চেনেল জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি ছৌদি আৰবে ২৩২ জন লোকক বিতাড়িত কৰিছে, য’ত ৭ জন ভিক্ষাৰী, অনুমতি অবিহনে হজলৈ গৈ ধৰা পৰা লোক আৰু শাস্তি সম্পূৰ্ণ কৰাৰ পিছত উভতাই পঠিওৱা লোকসকলক বিতাড়িত কৰা হৈছে। ইয়াৰ উপৰি সেইসকল পাকিস্তানীক অন্তৰ্ভুক্ত কৰা হৈছে যিসকলে নিৰ্ধাৰিত সময়সীমা পাৰ হৈ যোৱাৰ পিছতো দেশখনত বসবাস কৰি আছিল বা কোনো কাৰণ নোহোৱাকৈ বা ভিছাৰ বৈধতা উকলি যোৱাৰ পিছতো কাম কৰি আছিল।
প্ৰতিবেদনত কোৱা হৈছে যে ছৌদি সংস্থাসমূহে তেওঁলোকৰ পৃষ্ঠপোষকৰ অভিযোগৰ বাবে ১১২ জন লোকক বিতাড়িত কৰিছিল আৰু আন ৬৩ জন লোকৰ বিৰুদ্ধে অন্য অভিযোগ আছে। ইউ এ ইয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৪ জনকে ধৰি ২১ জন লোকক বিতাড়িত কৰাৰ বিপৰীতে চীন, কাটাৰ, ইণ্ডোনেছিয়া, চাইপ্ৰাছ আৰু নাইজেৰিয়াই এজনকৈ পাকিস্তানী নাগৰিকক নিজ দেশলৈ ঘূৰাই পঠিয়াইছে।