২২ জানুৱাৰীৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতে ঘোষণা কৰিছে দল। সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত খেলিব টিম ইণ্ডিয়াই। দীৰ্ঘদিনৰ মূৰত দললৈ ঘূৰি আহিছে অনুভৱী বলাৰ মহম্মদ ছামি।
সঞ্জু ছেমছন, অভিষেক শৰ্মা, তিলক ভাৰ্মা আৰু বৰুণ চক্ৰৱৰ্তীও দলত স্থান লাভ কৰিছে। এই শৃংখলাটোৰ বাবে অক্ষৰ পেটেলক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিঙকো দলত স্থান দিয়া হৈছে।
উল্লেখ্য যে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব পাঁচখন খেলৰ টি-২০ শৃংখলা। বি চি আই য়ে শনিবাৰে কেৱল টি-২০ শৃংখলাটোৰ বাবেহে দল ঘোষণা কৰে। এদিনীয়া শৃংখলা আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে পৰৱৰ্তী সময়ত ঘোষণা কৰিব দল।
ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাটোত ভাৰতীয় দলত মিষ্ট্ৰী স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণোইক সুযোগ প্ৰদান কৰা হৈছে। অৱশ্যে ৱাশ্বিংটন সুন্দৰকো দলত স্থান দিয়া হৈছে।
শুভমান গিল আৰু ঋষভ পন্তক বিশ্ৰাম দিছে বি চি চি আইয়ে। অৱশ্যে দুয়োজন ক্ৰিকেটাৰে এদিনীয়া আৰু চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে টিম ইণ্ডিয়াত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। দলত স্থান লাভ কৰা নাই যশস্বী জয়ছৱালেও।
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতৰ দল
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), সঞ্জু ছেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, নীতিশ কুমাৰ ৰেড্ডী, অক্ষৰ পেটেল (উপ অধিনায়ক), হৰ্ষিত ৰানা, অৰ্শদীপ সিং, মহম্মদ ছামী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, ৱাশ্বিংটন সুন্দৰ, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ)।