বাছ চালকৰ এটা ভুলৰ বাবেই বহু পৰিয়ালত এতিয়া কান্দোনৰ ৰোল। বহু পৰিয়ালে হেৰুৱালে আপোজনক। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কৰ্ণাটকত। হাবেৰি জিলাৰ পুনে-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩জনকৈ লোকে।
১৩জন নিহত ভিতৰত এটি শিশুও আছে। আনহাতে এই দুৰ্ঘটনাটোত আহত হৈছে বহুকেইজন যাত্ৰী। তীৰ্থযাত্ৰী ভৰ্তি বাছ এখনে ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ডজোৰে খুন্দা মাৰে। যাৰ ফলত নিহত হয় ১৩জনকৈ লোক। দুৰ্ঘটনাটো ইমানেই ভংয়কৰ আছিল যে মৃতদেহ উলিয়াই অনাৰ বাবে সমস্যাত পৰে উদ্ধাৰকাৰী দল। ঘটনাৰ পিছতে কেইবাটাও উদ্ধাৰকাৰী দল নামি পৰে উদ্ধাৰ অভিযান। বাছৰ চালকৰ টোপনি অহাৰ বাবেই সংঘটিত হয় ভয়ংকৰ এই দুৰ্ঘটনা। আজি পুৱাই সংঘটিত হয় এই দুৰ্ঘটনা।