তামিলনাডুৰ চেন্নাইৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। চেন্নাইৰ এক দম্পতীয়ে নিজৰ কন্যাক বলপূৰ্বকভাৱে বেশ্যাবৃত্তিত নিয়োজিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ইয়াৰ উপৰিও খবৰ পোৱা গৈছে যে, তেওঁলোকে নিজৰ কন্যাৰ লগতে আৰু অন্যান্য নাবালিকাৰ পৰ্ণগ্ৰাফিক ফ’টো আৰু ভিডিঅ’ শ্বুট কৰি অনলাইনত বিক্ৰী কৰিছিল। লগতে তেওঁলোকে সেই ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত আপলোড কৰিবলৈ ব্যৱহাৰ কৰিছিল।
শিশু কল্যাণ সমিতিৰ এজাহাৰ দাখিল কৰাৰ পিছতেই আৰক্ষীৰ এটা দলে দম্পতীহালৰ সন্ধান উলিয়ায়। আৰক্ষীয়ে জব্দ কৰা অভিযুক্তৰ মোবাইল ফোনত কেইবাজনীও নাবালিকাৰ পৰ্ণগ্ৰাফিক ভিডিঅ’ ক্লিপ আছিল।
আৰক্ষীয়ে জনোৱা মতে, বেছিভাগ ভিডিঅ’ ছোৱালীকেইজনীৰ সন্মতি অবিহনে লুকাই থকা কেমেৰাৰে শ্বুট কৰা হৈছে। এনে পৰিস্থিতিত অধিক তদন্তত জানিব পৰা গৈছে যে, ব্যৱসায়ীজন আৰু তেওঁৰ পত্নীয়েও নিজ কন্যাকো ঠেলি দি আন ছোৱালীৰ সৈতে ভিডিঅ’ বনাইছিল।
আৰক্ষীৰ এটা দলে দম্পতীহালক গ্ৰেপ্তাৰ কৰি POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰে। দণ্ডাধীশ আদালতত হাজিৰ হোৱাৰ পিছত দম্পতীহালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নাবালিকা কেইজনীক চৰকাৰী কেয়াৰ চেণ্টাৰত ৰখা হৈছে য’ত তেওঁলোকক ট্ৰমা কাউন্সেলিং আৰু অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়োৱা হৈছে। অভিযুক্ত দম্পতীহালৰ মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী জব্দ কৰি ফৰেনছিক লেবলৈ প্ৰেৰণ কৰা হৈছে।
শেহতীয়াকৈ কিছুদিন পূৰ্বে মুম্বাইৰ পৰা এনে এটা গোচৰ আহিছিল, য’ত মুম্বাইৰ বিশেষ আদালতে নিজৰ নাবালিকা কন্যাক দেহ ব্যৱসায়ত ঠেলি দিয়াৰ অপৰাধত এগৰাকী মহিলাক ৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। আদালতে মহিলাগৰাকীক ভাৰতীয় দণ্ডৰ অধীনত ৯ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।