প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা খো খো বিশ্বকাপৰ খিতাপ দখল ভাৰতীয় মহিলা দলৰ। ভাৰতীয় মহিলা দলটোৱে নেপালক পৰাস্ত কৰি ২০২৫ বৰ্ষৰ খো খো বিশ্বকাপ দখল কৰে।
নেপালক ৭৮-৪০ ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে ইতিহাস ৰচিবলৈ সক্ষম হয়। মেচখনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই ভাৰতীয় মহিলা দলৰ খেলুৱৈসকলে উজ্জিৱীত প্ৰদৰ্শন আগবঢ়াইছিল।
ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ চতুৰালি আৰু দুৰ্দান্ত গতিৰ সন্মুখত একপ্ৰকাৰ ধৰাশায়ী হৈ পৰে নেপালৰ খেলুৱৈসকল।
১৯ জানুৱাৰী অৰ্থাত আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত নেপাল দলটোৱে প্ৰথমে টছত জয়ী হৈ ডিফেণ্ড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নেপালৰ এই সিদ্ধান্তক ভুল বুলি প্ৰমাণিত কৰি ভাৰতীয় খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ঐতিহাসিক বিজয় সাব্যস্ত কৰে।
প্ৰিয়ংকা ইংলেৰ নেতৃত্বত বিশ্বকাপত অৱতীৰ্ণ হোৱা ভাৰতীয় দলটোৱে বিশ্ব চেম্পিয়ন হোৱাত বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখ্য যে, যোৱা ১৩ জানুৱাৰীৰ পৰা দিল্লীৰ ইন্দিৰা গান্ধী ইণ্ডোৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল মহিলা খো খো বিশ্বকাপ।