মৃত্যুৰে যুঁজিছে পৰেশ মূড়া নামৰ এজন কয়দী। কাৰাগাৰৰ পৰা বাহিৰত ওলাই যোৱা পৰেশ মূড়া নামৰ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এজন কয়দীক বজাৰৰ মাজত এজন লোকে ছুৰীৰে আক্ৰমণ চলাই হত্যাৰ চেষ্টা কৰে।
কাৰাগাৰৰ কাষতে থকা শিলচৰ অৰিএন্টেল বজাৰত এক দুৰ্বৃত্তই ছুৰীৰে আক্ৰমণ চলাই কয়দী জনক৷ ঘটনাত গুৰুতৰভাৱে আহত হোৱা পৰেশ মূড়া নামৰ কয়দী জনক বৰ্তমান কাৰাগাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত পৰেশ মূড়াক শিলচৰ মেডিকেল কলেজত ভৰ্তি নকৰোৱাই কাৰাগাৰৰ চিকিৎসালয়ত ৰাখি ঘটনাক গাপ দিয়াৰ অভিযোগ উত্থাপন হৈছে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে।
যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দী কেনেকৈ বাহিৰলৈ ওলাই গৈছিল ইয়াকলৈও ৰহস্য সৃষ্টি হৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় কাছাৰ আৰক্ষীৰ এটা দল।
ইফালে উত্থাপিত অভিযোগ অনুসৰি, শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত দীৰ্ঘদিনৰ পৰা চলি আহিছে অৰাজকতা। বিভিন্ন কয়দীয়ে কাৰাগাৰৰ পৰা ওলাই আহি বিভিন্ন অনৈতিক কাম-কাজত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে।











