সামাজিক মাধ্যমত ভাৰত তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি ভিডিঅ আপলোড কৰি এক ডাঙৰ বিপদত পৰিছে পাকিস্তানৰ দুগৰাকী ইউটিউবাৰ।
পাকিস্তানৰ এই দুগৰাকী ইউটিউবাৰ হৈছে ছোৱেব চৌধাৰী আৰু ছানা আমজাদা। সামাজিক মাধ্যমত প্ৰতিবেশী ৰাষ্ট্ৰ ভাৰত তথা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰা বাবেই বৰ্তমান তেওঁলোক চৰকাৰৰ ৰোষত পৰা বুলি সন্দেহ কৰা হৈছে।
এই দুগৰাকী ইউটিউবাৰগৰাকী চৰকাৰে চৰম শাস্তি দিয়া বুলি সামাজিক মাধ্যমত বাতৰি বিয়পি পৰিছে। বৰ্তমানে এই ইউটিউবাৰ নিৰুদ্দেশ হৈ থকাত এই সন্দেহ আৰু অধিক ঘণীভূত কৰিছে।
ছোৱেবে ৰিয়েল এন্টাৰটেইনমেন্ট আৰু ছানাই নিজৰ নামতে ছানা চেনেল খুলি ইউটিউবত ভিডিঅ’ আপলোড কৰি আহিছে।
উল্লেখ্য যে, পূৰ্বতেও ভাৰতক প্ৰশংসা কৰা বাবে কমেও ১২ জন পাসিস্তানী ইউটিউবাৰক চৰম শাস্তি প্ৰদান কৰা হৈছিল।