ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাদেজা! ভাৰতীয় ক্ৰিকেটৰ এই তিনিগৰাকী মহাতাৰকাক চিনি নোপোৱা ক্ৰিকেটপ্ৰেমী হয়তো বিশ্বত কমেই ওলাব। ক’বলৈ গ’লে ৰোহিত, বিৰাট আৰু জাদেজাৰ দৰে জ্যেষ্ঠ খেলুৱৈৰ হাতত ধৰিয়েই ক্ৰিকেটৰ পথাৰত নামিছিল ৰিংকু সিং, অক্ষৰ পেটেল কিম্বা পন্টৰ দৰে আজিৰ দিনৰ ভাৰতীয় তাৰকা খেলুৱৈ সকল। কিন্তু টি২০ বিশ্বকাপ শেষ হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই সকলোকে আচৰিত কৰি একেলগে টি২০ ক্ৰিকেটৰ পৰা বিদায় ল’লে হিটমেন ৰোহিত শৰ্মা, ৰাণ মেচিন বিৰাট কোহলি আৰু ছাৰ ৰবীন্দ্ৰ জাদেজাই। জাতীয় দলৰ এই তিনিগৰাকী তাৰকাৰ এই আচম্বিত সিদ্ধান্তত এতিয়া ভাঙি পৰিছে দেশৰ বহু ক্ৰিকেটপ্ৰেমী। অৱশ্যে তিনিওগৰাকী ক্ৰিকেটাৰেই নতুনক বাট এৰি দিয়াৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। উল্লেখ্য যে কালি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি২০ বিশ্বকাপত জয়লাভ কৰাৰ পিছতে ৰোহিত আৰু বিৰাটে অৱসৰ ঘোষণা কৰাৰ বিপৰীতে জাদেজাই আজি সামাজিক মাধ্যমযোগে নিজৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে। উল্লেখ্য যে বিৰাট কোহলিয়ে অৱসৰৰ আগলৈকে ১২৫খন টি২০ মেটচত ৪১৮৮ ৰাণ সংগ্ৰহ কৰিছে। বিৰাটৰ নামত আছে এটা টি২০ শতক। টি২০ত বিৰাটৰ সৰ্বাধিক স্কোৰ ১২২। আনহাতে ৰোহিত শৰ্মাই নিজৰ টি২০ কেৰিয়াৰত ১৫৯খন খেলত ৪২৩১ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ লগতে টি২০ত পাঁচটা শতকেৰে সৰ্বাধিক শতক অৰ্জন কৰাৰ ৰেকৰ্ড আছে ৰোহিতৰ নামত। টি২০ত ৰোহিতৰ সৰ্বাধিক স্কোৰ ১২১। তদুপৰি ২০০৭ আৰু ২০২৪ ভাৰতে জয় লাভ কৰা দুয়োটা টি২০ বিশ্বকাপতে দলৰ অংশ আছিল ৰোহিটমেন শৰ্মা। আনকি এইবাৰৰ বিশ্বকাপত ১৫৬.৭০ ষ্ট্ৰাইক ৰেট আৰু ২৫৭ ৰাণ সংগ্ৰহ কৰি দ্বিতীয় সৰ্বাধিক ৰাণ স্কোৰাৰৰ খিতাপো অৰ্জন কৰিছে কেপ্টেইন ৰোহিত শৰ্মাই। ইয়াৰ লগতে ২০০৯ চনত শ্ৰী লংকাৰ বিৰুদ্ধে অভিষেক ঘটোৱা ৰবীন্দ্ৰ জাদেজাই নিজৰ কেৰিয়াৰত ৭৪খন খেলত ৫১৫ ৰাণ আৰু ৫৪টা উইকেট দখল কৰিছে। কিন্তু টি২০ বিশ্বকাপ শেষ হোৱাৰ এদিনৰ ভিতৰতে হাজাৰ হাজাৰ ক্ৰিকেটপ্ৰেমীক কন্দুৱাই টি২০ৰ পৰা সন্যাস ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেটৰ তিনি মহাৰথীয়ে। এতিয়া সকলোৱে আশা কৰিছে যে এই তিনি তাৰকাৰ দৰেই দেশৰ বাবে সৰ্বস্ব উজাৰি দিব নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ক্ৰিকেটাৰে।